কাজিৰঙাৰ ইক’-চেনছিটিভ জ’নক লৈ মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ
‘১ কিলোমিটাৰৰ কথা কেৱল বোকাখাতৰ সন্দৰ্ভত কৈছিলোঁ’: হিমন্ত বিশ্ব শৰ্মা
গুৱাহাটীৰ প্ৰতিবেদক, আজিৰ কণ্ঠ, ২৭ আগষ্ট: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশে প্ৰস্তাৱিত ইক’-চেনছিটিভ জ’ন (ESZ) হ্ৰাসক লৈ চলি থকা বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পূৰ্বৰ ১ কিলোমিটাৰ ESZ সন্দৰ্ভত কৰা মন্তব্যৰ স্পষ্টীকৰণ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ১ কিলোমিটাৰ ESZৰ কথা তেওঁ বিশেষভাৱে বোকাখাত অঞ্চলৰ প্ৰসংগতহে কৈছিল।
নতুন দিল্লীত বুধবাৰে সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে কাজিৰঙাৰ বিভিন্ন অঞ্চলৰ পৰিস্থিতি ভিন্ন। বন্যপ্ৰাণীৰ বিচৰণ, হাতীৰ চলাচল আৰু ব্ৰহ্মপুত্ৰৰ অৱস্থিতিৰ দৰে বিভিন্ন দিশৰ ওপৰত ভিত্তি কৰি ESZৰ পৰিসৰ নিৰ্ধাৰণ কৰিব লাগিব।
তেওঁ কয়, “মই যেতিয়া ইক’-চেনছিটিভ জ’নৰ কথা কৈছিলোঁ, তেতিয়া বোকাখাতৰ কথা কৈছিলোঁ। তাত ১ কিলোমিটাৰতকৈ অধিকৰ প্ৰয়োজন নাথাকিব পাৰে। কিন্তু কাৰ্বি আংলঙত হাতীৰ চলাচল আছে, সেয়ে তাত ১০ কিলোমিটাৰ পৰ্যন্ত প্ৰয়োজন হ’ব পাৰে। মোৰ মন্তব্য বোকাখাতৰ প্ৰসংগত আছিল।”
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বৰ্তমান কাজিৰঙাক কেন্দ্ৰ কৰি কোনো ESZ আনুষ্ঠানিকভাৱে অধিসূচিত হোৱা নাই। কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক কাজিৰঙাৰ বাবে ESZ প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে।
তেওঁ উল্লেখ কৰে যে কাজিৰঙা কেৱল কহঁৰা অঞ্চলতে সীমাবদ্ধ নহয়। কাজিৰঙাৰ বিস্তৃত ভূখণ্ড বিশ্বনাথ, গহপুৰ, কলিয়াবৰ, কাৰ্বি আংলং আৰু প্ৰায় বোকাখাতলৈকে বিস্তৃত।
“প্ৰতিটো কিলোমিটাৰৰ পৰিস্থিতি বেলেগ,” বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে হাতীৰ বিচৰণ থকা অঞ্চলত অধিক বিস্তৃত ESZৰ প্ৰয়োজন হ’ব পাৰে। আনহাতে, ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চলত একে পৰিসৰৰ ESZৰ প্ৰয়োজন নোহোৱাও সম্ভৱ।
বিশেষজ্ঞ সমিতিয়ে নিৰ্ধাৰণ কৰিব ESZ
মুখ্যমন্ত্ৰীৰ মতে, ESZৰ পৰিসৰ কোনো ৰাজনৈতিক সিদ্ধান্তৰ ভিত্তিত নহয়, বিশেষজ্ঞসকলৰ নেতৃত্বত হোৱা প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্ধাৰণ কৰা হ’ব। বিশেষজ্ঞ সমিতিয়ে প্ৰস্তাৱ প্ৰস্তুত কৰাৰ পাছত সেই প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ’ব। তাৰ পাছত দেহৰাদুনস্থিত Wildlife Institute of India-য়ে প্ৰস্তাৱটো পৰীক্ষা কৰিব।
ইয়াৰ পিছত প্ৰস্তাৱটো National Board for Wildlife আৰু সংৰক্ষণবিদসকলৰ সৈতে আলোচনা কৰি অনুমোদনৰ বাবে আগবঢ়োৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
অসমত বৰ্তমান প্ৰায় ৪-৫টা অধিসূচিত ESZ আছে বুলিও তেওঁ উল্লেখ কৰে। শেহতীয়াকৈ দীপৰ বিলৰ চৌপাশে ESZ অধিসূচিত কৰা হৈছে।
‘ভুল তথ্য বিয়পাই ৰাইজৰ মাজত ভয় সৃষ্টি কৰা হৈছে’
ESZক লৈ একাংশ লোকে ভুল তথ্য প্ৰচাৰ কৰি থকা বুলিও মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰে। তেওঁৰ মতে, ESZ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া সম্পৰ্কে পৰ্যাপ্ত জ্ঞান নথকা লোকৰ মাজত এনে আলোচনাই অযথা ভয়ৰ সৃষ্টি কৰিব পাৰে।
ইফালে কাজিৰঙা সংৰক্ষণৰ প্ৰসংগত কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ পৰিয়ালকো সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছৰ শাসনকালত কাজিৰঙা সুৰক্ষাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা বুলি অভিযোগ কৰি তেওঁ কয় যে গঁড় নাথাকিলে কাজিৰঙাৰ অস্তিত্বৰ প্ৰশ্নই নাথাকিব আৰু তেনে পৰিস্থিতিত ESZৰ প্ৰয়োজনো নাথাকিব।
Post a Comment