বোকাখাতৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ পৰিদৰ্শন বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱা-কেবিনেট মন্ত্ৰী অতুল বৰাৰ
কেন্দ্ৰটো চৰকাৰীকৰণৰ ক্ষেত্ৰত চিন্তা-চৰ্চাৰ আশ্বাস
বোকাখাতৰ পৰা চন্দন বৰাৰ প্ৰতিবেদন ৭ আগষ্ট:
বোকাখাতৰ বৰজুৰিস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ CWRC পৰিদৰ্শন কৰে ৰাজ্যৰ বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু কেবিনেট মন্ত্ৰী অতুল বৰাৰ। বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান Wildlife Trust of India (WTI)-ৰ অৰ্থ সাহায্যৰে পৰিচালিত কেন্দ্ৰটোৱে ইতিমধ্যে ২৫ বছৰত ভৰি দিছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বন্যপ্ৰাণী উদ্ধাৰ, চিকিৎসা আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে CWRC-এ। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰাও বন্যপ্ৰাণীপ্ৰেমী আৰু সংশ্লিষ্ট ব্যক্তিয়ে কেন্দ্ৰটোলৈ প্ৰশিক্ষণ গ্ৰহণৰ বাবে আহে। ২০০২ চনৰ ২৮ আগষ্টত প্ৰতিষ্ঠা হোৱা কেন্দ্ৰটোৱে ২০২৫ চনলৈকে বানপানীসহ বিভিন্ন পৰিস্থিতিত ১০,০৯৬টা বন্যপ্ৰাণী উদ্ধাৰ কৰিছে। ইয়াৰে ৬,৬৮৭টা বন্যপ্ৰাণী পুনৰ সংস্থাপন কৰিবলৈ সক্ষম হৈছে। আনহাতে, বিভিন্ন কাৰণত ২,২৯৫টা বন্যপ্ৰাণীৰ মৃত্যু ঘটিছে।বৰ্তমান কেন্দ্ৰটোত গঁড়, হাতী, নাহৰফুটুকী বাঘকে ধৰি ২০টাতকৈ অধিক বন্যপ্ৰাণী পৰ্যবেক্ষণ আৰু চিকিৎসাধীন অৱস্থাত আছে।মন্ত্ৰীগৰাকীৰ পৰিদৰ্শনকালত CWRC-ৰ সঞ্চালক ৰথিন বৰ্মনে কেন্দ্ৰটোৱে বিগত ২৫ বছৰে আগবঢ়াই অহা সেৱাৰ এক খতিয়ান দাঙি ধৰে। কেন্দ্ৰটোৰ বিভিন্ন কাৰ্যকলাপৰ ওপৰত প্ৰস্তুত কৰা তথ্যচিত্ৰও মন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষ কৰে।ইফালে, বেচৰকাৰী সংস্থাৰ অধীনত চলি অহা কেন্দ্ৰটোৰ চিকিৎসক আৰু এনিমেল কীপাৰসকলৰ ভৱিষ্যৎক লৈও উদ্বেগ প্ৰকাশ কৰা হৈছে। কেন্দ্ৰটোক চৰকাৰীকৰণ অথবা চৰকাৰী অৰ্থ সাহায্য প্ৰদানৰ বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰাৰ ইংগিত দিয়ে বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই।ইয়াৰ লগতে CWRC-ৰ সৈতে স্থাপন কৰা বায়’ডাইভাৰছিটী পাৰ্কখনৰ শোচনীয় অৱস্থাৰ বিষয়টোও মন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ কৰা হয়। পাৰ্কখনৰ উন্নয়ন আৰু সংৰক্ষণৰ ক্ষেত্ৰতো অচিৰেই বিভাগে ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিগত ২৫ বছৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা CWRC-ৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ পদক্ষেপৰ আশাই এতিয়া বন্যপ্ৰেমী মহলত নতুন আশাৰ সঞ্চাৰ কৰিছে।
Post a Comment