মানৱসেৱাৰ মহাযজ্ঞত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ

মানৱসেৱাৰ মহাযজ্ঞত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ

উজনি অসমৰ বানদুৰ্গত জনসাধাৰণৰ কাষত ১৪ দিন ধৰি অবিৰত সেৱা আগবঢ়াইছে সেৱাবাহিনীয়ে

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শক জীৱন্ত ৰূপ প্ৰদান কেন্দ্ৰীয় সেৱাবাহিনীৰ

বিদ্যালয়, নামঘৰ , বাসগৃহ, ৰাজহুৱা স্থানত শ্ৰমদান

নাজিৰা পৰা চন্দন বৰাৰ প্ৰতিবেদন ৩ আগষ্ট: প্ৰলয়ংকৰী বানৰ বিভীষিকাই যেতিয়া উজনি অসমৰ বিস্তীৰ্ণ অঞ্চলত হাজাৰ হাজাৰ পৰিয়ালৰ জীৱন-জীৱিকা বিপৰ্যস্ত কৰি তুলিছে, তেতিয়া মানৱতাৰ অম্লান দীপশিখা হৈ বানাক্ৰান্ত জনসাধাৰণৰ কাষত দৃঢ়ভাৱে থিয় দিছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শত প্ৰতিষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই। উদাৰ মানৱতাবাদ, দয়া, সমতা, সেৱা আৰু সমন্বয়ৰ আধ্যাত্মিক দৰ্শনক হৃদয়ত ধাৰণ কৰি সঙ্ঘৰ কেন্দ্ৰীয় সেৱাবাহিনীয়ে বিগত ১৪ দিন ধৰি দিন-ৰাতি একাকাৰ কৰি বানপীড়িত লোকসকলৰ বাবে চলাই আহিছে এক অনবদ্য মানৱসেৱাৰ অভিযান।

শিৱসাগৰ, নাজিৰা, যোৰহাট, চৰাইদেউ, দেৰগাঁও, তিতাবৰকে ধৰি উজনি অসমৰ বিস্তীৰ্ণ বানাক্ৰান্ত অঞ্চলসমূহত আৰম্ভণিৰে পৰাই কেন্দ্ৰীয় সেৱাবাহিনীৰ নেতৃত্বত উদ্ধাৰ অভিযান, আহাৰ বিতৰণ, বিশুদ্ধ খোৱাপানী, শুকান খাদ্য, বস্ত্ৰ, ঔষধ, শিশুখাদ্য, বিচনাৰ সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান অব্যাহত আছে। প্ৰকৃতিৰ দুৰ্যোগৰ মাজতো মানৱতাৰ হাত এৰি নিদিয়া এই সেৱাযজ্ঞই অসংখ্য দুৰ্গত পৰিয়ালৰ জীৱনত আশাৰ পোহৰ কঢ়িয়াই আনিছে সেৱাবাহিনীৰ সেৱক সেৱিকা সকলে।উল্লেখযোগ্য যে, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মানসপুত্ৰ কেন্দ্ৰীয় সেৱাবাহিনীৰ আহ্বানত সঙ্ঘৰ দুকুৰিতকৈও অধিক জিলা শাখাই এই বৃহৎ সাহায্য অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰপ্ৰধান সম্পাদক উপ পদাধিকাৰ,  যুটীয়া সম্পাদকদ্বয় লগতে সঙ্ঘৰ বিষয়ববীয়া সকলে বিভিন্ন বানাক্ৰান্ত অঞ্চলত উপস্থিত হৈ সাহায্য কাৰ্যৰ তদাৰক কৰাৰ লগতে দুৰ্গত লোকসকলৰ সৈতে মত বিনিময় কৰি প্ৰয়োজনীয় সহায় নিশ্চিত কৰিছে।

আনহাতে কেন্দ্ৰীয় সেৱাবাহিনীৰ মুখ্য অধিনায়কৰ নেতৃত্বত কেন্দ্ৰীয় সেৱাবাহিনীৰ সংস্কৃতিৰ উপ সচিব , ৰক্তদান কোষৰ সমন্বয়ক,যুটীয়া সমন্বয়ক ,বিভিন্ন জিলা শাখাৰ সেৱাবাহিনীৰ জিলাধিনায়ক সকল , সঞ্চালনা সমিতিৰ সদস্য সদস্যা লগতে তিনি শতাধিক সেৱক-সেৱিকাই নিজৰ ব্যক্তিগত সুখ-সুবিধা বিসৰ্জন দি দিন-ৰাতি নিৰলসভাৱে বানপীড়িত লোকসকলৰ কাষত সেৱাৰ হাত আগবঢ়াইছে। বহু ঠাইত নৌকাৰে সাহায্য সামগ্ৰী কঢ়িয়াই নিয়াৰ পৰা আৰম্ভ কৰি দুৰ্গম অঞ্চলত পদব্ৰজে উপস্থিত হৈ খাদ্য, খোৱাপানী, বস্ত্ৰ আৰু অন্যান্য সামগ্ৰী বিতৰণ কৰি তেওঁলোকে মানৱসেৱাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে।

ধেমাজি, জোনাই, ধনশিৰি, গোলাঘাট, তিনিচুকীয়া, গুৱাহাটী মহানগৰী ধৰি বিভিন্ন অঞ্চলৰ শুভাকাংক্ষী, মানৱদৰদী ব্যক্তি আৰু সামাজিক সংগঠনসমূহেও কেন্দ্ৰীয় সেৱাবাহিনীৰ জৰিয়তে সাহায্য সামগ্ৰী প্ৰেৰণ কৰি এই মহৎ অভিযানত অংশীদাৰ হৈছে।

ইফালে, সঙ্ঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা আৰু প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াৰ আহ্বানত সঁহাৰি জনাই বোকাখাত, কলিয়াবৰ, নগাঁও, দৰং, ভেৰগাঁও, ধনশিৰি, যোৰহাট, গহপুৰ, তিনিচুকীয়া, মাৰ্ঘেৰিটা, শদিয়া, তেজপুৰ, বিশ্বনাথ, তিতাবৰ, মাজুলী ,হোজাই আদি জিলা শাখাসমূহেও নাজিৰা , শিৱসাগৰ, যোৰহাট বান বিধস্ত এলেকাত  সাহায্য বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰিছে। বহু জিলা শাখাই অন্ন, বস্ত্ৰ, ঔষধ, স্বাস্থ্যসামগ্ৰী আৰু আৰ্থিক সহায় আগবঢ়াই শতাধিক দুৰ্গত পৰিয়ালৰ কাষত থিয় দিছে।

বিশেষভাৱে উল্লেখযোগ্য যে, গুৱাহাটী মহানগৰী জিলা শাখা আৰু জিলা সেৱাবাহিনীৰ সহযোগত বানপীড়িত পৰিয়ালসমূহৰ এক জৰুৰী প্ৰয়োজন হিচাপে বিচনাৰ তুলি বিতৰণ কৰা হৈছে। 

 ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ বানদুৰ্গত জনসাধাৰণৰ সহায়ৰ উদ্দেশ্যে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ এক লক্ষাধিক টকা আৰু সঙ্ঘৰ থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ'চাইটিৰ তৰফৰ পৰা ৫০ হাজাৰ টকা আগবঢ়াই সামাজিক দায়বদ্ধতাৰ এক অনুকৰণীয় নিদৰ্শন স্থাপন কৰিছে।

'মানৱসেৱাই হৈছে প্ৰকৃত ঈশ্বৰ সেৱা'.এই মহান আদৰ্শক জীৱনৰ কৰ্মত ৰূপান্তৰিত কৰি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ আৰু কেন্দ্ৰীয় সেৱাবাহিনীয়ে কেৱল সাহায্য সামগ্ৰী বিতৰণতেই সীমাবদ্ধ নাথাকি, দুৰ্গত মানুহৰ হৃদয়ত সাহস, শ্ৰমদান আৰু আত্মবিশ্বাস জগাই তুলিবলৈও অবিৰতভাৱে প্ৰচেষ্টা চলাই আহিছে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দয়া, ভক্তি, সমতা আৰু মানৱতাৰ বাণীক বাস্তৱ জীৱনত ৰূপায়িত কৰাৰ এই ঐতিহাসিক প্ৰয়াসে দুৰ্যোগৰ অন্ধকাৰৰ মাজতো সমাজলৈ সহমৰ্মিতা, ঐক্য আৰু মানৱতাৰ এক অনুপম দৃষ্টান্ত স্থাপন কৰিছে। আনহাতে  সঙ্ঘৰ যোৰহাট আৰু গোলাঘাট জিলা শাখাৰ তিনি শতাধিক বাপ আই সেৱক সেৱিকাই নাজিৰাত বাহৰ পাতি নামঘৰ , বিদ্যালয় , বাসগৃহ , একাংশ ৰাজহুৱা স্থানত শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰি বানাক্ৰান্ত ৰাইজক সেৱা আগবঢ়াই সকলোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । 

মানৱসেৱাই প্ৰকৃত ধৰ্ম" এই আদৰ্শক সন্মুখত ৰাখি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মানসপুত্ৰ কেন্দ্ৰীয় সেৱাবাহিনীয়ে বানাক্ৰান্ত লোকসকলৰ কাষত অবিৰতভাৱে সেৱা আগবঢ়াই গৈছে।


Post a Comment

Previous Post Next Post