বাদুলিপাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পুনৰ চুৰিকাণ্ড, প্ৰায় আঢ়ৈ লাখ টকাৰ সামগ্ৰী লুট
আজিৰ কণ্ঠ, বাদুলিপাৰ, ১৫ জুন : দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বাদুলিপাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যোৱা নিশা সংঘটিত এক চুৰিকাণ্ডই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুৰ্বৃত্তই স্বাস্থ্য কেন্দ্ৰটোৰ তলা ভাঙি প্ৰায় আঢ়ৈ লাখ টকা মূল্যৰ বিভিন্ন সামগ্ৰী চুৰি কৰি লৈ যায়।
জানিব পৰা মতে, স্বাস্থ্য কেন্দ্ৰটোৰ সৌৰচালিত বিদ্যুৎ ব্যৱস্থাৰ বাবে ব্যৱহৃত ছটা ডাঙৰ আকৃতিৰ বেটাৰী আৰু এটা ডাঙৰ ৰেফ্ৰিজাৰেটৰ চোৰে লৈ যায়। পুৱা স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰীয়ে ঘটনাটো প্ৰত্যক্ষ কৰাৰ পিছত আৰক্ষীক অৱগত কৰে।
উল্লেখ্য যে, প্ৰায় এবছৰ পূৰ্বেও একে স্বাস্থ্য কেন্দ্ৰৰ পৰীক্ষাগাৰৰ পৰা ছটা বেটাৰী চুৰি হৈছিল। সেই সময়ত আৰক্ষীক অভিযোগ দাখিল কৰা হৈছিল যদিও তদন্তৰ বাবে আৰক্ষী এবাৰো স্বাস্থ্য কেন্দ্ৰটোলৈ নাহিল বুলি স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰিছে। দেওবাৰে নিশাৰ চুৰিকাণ্ডৰ খবৰ পোৱাৰ পিছত আজি সন্ধিয়াৰ ভাগত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু তদন্ত আৰম্ভ কৰে।
চৌবিশ ঘণ্টাই প্ৰসূতি সেৱা উপলব্ধ থকা এই গুৰুত্বপূৰ্ণ স্বাস্থ্য কেন্দ্ৰটোত নিৰাপত্তা ব্যৱস্থা অতি দুৰ্বল বুলি উল্লেখ কৰি স্থানীয় ৰাইজে অতি শীঘ্ৰে চি চি কেমেৰা স্থাপন, নিশাৰ প্ৰহৰীৰ ব্যৱস্থা আৰু কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। এই ধৰণৰ পুনৰাবৃত্ত চুৰিকাণ্ডই স্বাস্থ্য কেন্দ্ৰটোৰ সেৱা ব্যৱস্থাত বিঘিনি ঘটোৱাৰ আশংকা প্ৰকাশ কৰিছে সচেতন মহলে।
Post a Comment