সমাজৰ নীৰৱ সংকট আৰু আমাৰ দায়বদ্ধতা

সমাজৰ নীৰৱ সংকট আৰু আমাৰ দায়বদ্ধতা: ভয়ংকৰ বিপদৰ দিশত মানৱ সমাজ

            🖋️চন্দন বৰা,  কমাৰগাঁও 

বৰ্তমান সময়ত ৰাজ্যত আত্মহননৰ ঘটনাৰ দ্ৰুত বৃদ্ধি কেৱল পৰিসংখ্যাৰ এটা সংখ্যা বৃদ্ধি নহয় । এইয়া আমাৰ সমাজৰ অন্তৰালত লুকাই থকা গভীৰ সংকটৰ এক ভয়ংকৰ প্ৰকাশ। বাহ্যিকভাৱে উন্নয়ন, প্ৰগতি আৰু আধুনিকতাৰ কথা কোৱা সমাজখনৰ অন্তৰত কিন্তু এক ধৰণৰ নিঃশব্দ বিষাদ, হতাশা আৰু মানসিক বিপর্যয় জমা হৈ আছে। এই পৰিস্থিতিয়ে স্পষ্টভাৱে সূচায় যে আমি বস্তুগত উন্নয়নত আগবাঢ়িলেও মানৱীয় মূল্যবোধ আৰু মানসিক সুস্থতাৰ ক্ষেত্ৰত গুৰুতৰভাৱে পিছ পৰি আছো।

প্ৰথমতে, আৰ্থিক ব্যৱস্থাৰ অস্থিৰতা আৰু অসাম্যই মানুহৰ জীৱনত এক গভীৰ অনিশ্চয়তা সৃষ্টি কৰিছে। বৰ্তমান সময়তো একাংশৰ কৰ্মসংস্থাপনৰ অভাৱ, দৰিদ্ৰতা, ঋণৰ বোজা , প্ৰেমজনিত কাৰণ, সমাজ জীৱনৰ বদনাম আদি এইবোৰ কেৱল সমস্যা উপৰিও মানৱীয় মৰ্যাদা আৰু আত্মবিশ্বাসৰ ওপৰত প্ৰহাৰ কৰা এক প্ৰণালীগত সংকট। চৰকাৰী ব্যৱস্থাৰ অপৰ্যাপ্ততা আৰু নীতিগত দূৰ্বলতাই বহু ক্ষেত্ৰত এই সমস্যাসমূহক উপশম কৰাৰ সলনি অধিক জটিল কৰি তুলিছে। ফলত, একাংশ মানুহে নিজৰ জীৱনক এক অমোঘ বোজা হিচাপে অনুভৱ কৰিবলৈ আৰম্ভ কৰে।

দ্বিতীয়তে, আধুনিকতাৰ নামত গঢ় লৈ উঠা প্ৰতিযোগিতামূলক জীৱনধাৰাই মানুহক এক অন্তহীন দৌৰত ঠেলি দিছে। সফলতাৰ মাপকাঠী এতিয়া কেৱল ধন-সম্পত্তি, প্ৰতিষ্ঠা আৰু বাহ্যিক চাকচিক্যত সীমাবদ্ধ। এই বিকৃত মানদণ্ডই ব্যক্তিৰ আত্মমূল্যবোধক সংকুচিত কৰি পেলাইছে। যুৱ প্ৰজন্ম বিশেষকৈ এই চাপৰ তলত থেতেলি যোৱা দেখা যায় তেওঁলোকে ব্যৰ্থতাক জীৱনৰ স্বাভাৱিক অংশ হিচাপে গ্ৰহণ কৰাৰ সলনি এক প্ৰকাৰৰ চূড়ান্ত পৰাজয় হিচাপে অনুভৱ কৰে।

তৃতীয়তে, পৰিয়াল আৰু সামাজিক বন্ধনৰ ক্ষয়িষ্ণু অৱস্থা এই সংকটক অধিক তীব্ৰ কৰি তুলিছে। একসময়ত য’ত পৰিয়াল আছিল মানসিক আশ্ৰয়ৰ স্থান, আজিৰ দিনত সেয়া বহু ক্ষেত্ৰত এক আনুষ্ঠানিক গাঁথনি মাথোঁ। ব্যস্ততা, স্বাৰ্থপৰতা আৰু যোগাযোগৰ অভাৱে মানুহক একাকীত্বৰ গহ্বৰলৈ ঠেলি দিছে। ডিজিটেল সংযোগ বৃদ্ধি পালেও মানৱীয় সংযোগ হ্ৰাস পোৱা এই বৈপৰীত্যই মানুহৰ অন্তৰাত্মাক অধিক শূন্য কৰি তুলিছে।

ইয়াৰ উপৰিও, মানসিক স্বাস্থ্যৰ প্ৰতি সমাজৰ উদাসীনতা আৰু কলংকবোধ এক গুৰুতৰ সমস্যা। মানসিক কষ্টক এতিয়াও দুৰ্বলতাৰ চিন হিচাপে দেখা হয়। সহায় বিচৰা ব্যক্তিকো বহুসময়ত তুচ্ছজ্ঞান কৰা হয়, যাৰ ফলত তেওঁলোক আৰু অধিক নীৰৱতা আৰু অন্ধকাৰৰ মাজত সোমাই যায়। এই সামাজিক মনোভাৱ এক প্ৰকাৰৰ নীৰৱ সহিংসতা, যিয়ে বহু জীৱনক ধ্বংসৰ দিশে ঠেলি দিছে। এই সমগ্ৰ পৰিস্থিতি আমাৰ বাবে এক কঠোৰ আত্মসমালোচনাৰ আহ্বান। কেৱল চৰকাৰ বা প্ৰশাসনক দায়ী কৰি থকাতেই দায়িত্ব শেষ নহয়; সমাজ হিচাপে আমিও সমানভাৱে দায়বদ্ধ। মানৱীয় সহানুভূতি, সংবেদনশীলতা আৰু পাৰস্পৰিক সমৰ্থন পুনৰ জাগ্ৰত নকৰিলে এই সংকটৰ পৰা উত্তৰণ অসম্ভৱ। আত্মহননৰ দৰে ঘটনাৰ বৃদ্ধি আমাৰ সমাজৰ নৈতিক আৰু মানসিক দেউলিয়াত্বৰ এক জ্বলন্ত উদাহৰণ। সেয়েহে, সময় আহিছে আমি বাহ্যিক প্ৰগতিৰ মোহ ত্যাগ কৰি মানুহৰ অন্তৰৰ বেদনাক বুজিবলৈ শিকো, আৰু এক সহমৰ্মী, সুস্থ আৰু মানৱীয়তাৰ সমাজ গঢ়াৰ বাবে সচেতন পদক্ষেপ লওঁ আহঁক।।

 

Post a Comment

Previous Post Next Post