জীয়াৰী বা চেনেহী বিহু: যান্ত্ৰিকতাৰ ধামখুমীয়াত হেৰাই যাব নেকি শিপাৰ টান ?
■ প্ৰজ্ঞান চন্দন
অসমীয়াৰ বাবে ব’হাগ কেৱল এটা মাহ নহয় , ব'হাগ এক পৰিচয় আৰু প্ৰাণস্পন্দন। হেঁপাহৰ ৰঙালী বিহুৰ সাতদিনৰ প্ৰতিটো দিনৰে এক সুকীয়া তাৎপৰ্য আছে। ইয়াৰ ভিতৰত পঞ্চম দিনটো জীয়াৰী বা চেনেহী বিহু’ বুলি অসমীয়া সমাজ জীৱনত প্ৰচলিত হৈ আহিছে ।
অসমীয়া সমাজ-সংস্কৃতিৰ এক সুকোমল আৰু অত্যন্ত সংবেদনশীল অধ্যায়। যি সময়ত গোলকীকৰণ আৰু আধুনিকতাই আমাৰ লোক-সংস্কৃতিক মঞ্চকেন্দ্ৰিক কৰি তুলিছে, সেই সময়ত চেনেহী বিহুৰ প্ৰাসংগিকতা আৰু ইয়াৰ অন্তৰ্নিহিত আৱেগক লৈ এক গভীৰ আত্ম-উপলব্ধিৰ প্ৰয়োজন হৈ পৰিছে।বিহুত চেনেহৰ সৰ্বোচ্চ প্ৰতীক হ’ল বিহুৱান।
পৰম্পৰাৰ বুকুত চেনেহৰ স্পন্দন
অতীতৰ গ্ৰাম্য সমাজত ‘জীয়াৰী বিহু’ আছিল এক আৱেগময় পুনৰ্মিলনৰ উৎসৱ ( আমি শৈশৱত প্ৰত্যক্ষ কৰিছিলো) । বিয়া দিয়া জীয়াৰীগৰাকীৰ বাবে পিতৃগৃহৰ পৰা অহা আমন্ত্ৰণ আছিল এক পৰম আশীৰ্বাদ। সেই যাত্ৰা কেৱল আলহী হোৱাৰ যাত্ৰা নাছিল, বৰঞ্চ নিজৰ শৈশৱ, কৈশোৰ আৰু শিপাৰ সৈতে পুনৰ সংযোগ স্থাপনৰ এক প্ৰয়াস আছিল। মাকৰ হাতৰ সান্দহ-গুড়, দেউতাকৰ আশীৰ্বাদ আৰু ভাই-ককাইৰ মৰমৰ মাজত জীয়াৰীগৰাকীয়ে বিচাৰি পাইছিল এক হেৰুৱা পৃথিৱী।
"ব’হাগ আহে, ব’হাগ যায় !
কিন্তু জীয়াৰীৰ হিয়াত ৰৈ যায় কেঁচা মাটিৰ গোন্ধ আৰু আইৰ হাতৰ পিঠাগুড়িৰ সোৱাদ।"
এই দিনটোৱে প্ৰমাণ কৰিছিল যে অসমীয়া সমাজত নাৰীৰ স্থান কেৱল আনৰ ঘৰৰ ‘বোৱাৰী’ হিচাপেই নহয়, বৰঞ্চ নিজৰ ঘৰৰ চিৰকালৰ ‘চেনেহী জীয়াৰী’ হিচাপেও অতি উচ্চত। বিবাহিত জীয়াৰী এগৰাকীয়ে বিহুৰ বতৰত পিতৃগৃহৰ চোতালখন আৰু মাক-দেউতাকৰ মৰম কেনেকৈ মনত পেলায়, তাক এই গীতটিয়ে প্ৰকাশ কৰে:
"আঁহতৰে পাতলৈ চালোঁ মই আইদেউ
আঁহতৰে পাতটি সৰে,
আমাৰে ঘৰৰ সেই বিহুৰ চোতালখন
আজি জানো উকা হৈ পৰে?"
সংস্কৃতিৰ নিৰৱ ভাষা: উপহাৰ আৰু বিহু নাম
চেনেহী বিহুৰ সৌন্দৰ্য আছিল ইয়াৰ শালীনতা। হুঁচৰি দলৰ আশীৰ্বাদ আৰু গছৰ তলৰ বিহু নামত প্ৰেমৰ যি নিভৃত প্ৰকাশ আছিল, তাত উশৃংখলতাৰ কোনো স্থান নাছিল। বিশেষকৈ যুৱতীয়ে নিজ হাতে বোৱা ‘চেনেহী গামোচা’খন প্ৰিয়জনক উপহাৰ দিয়াৰ যি পৰম্পৰা, সি আছিল এক পবিত্ৰ অঙ্গীকাৰ। আজিৰ বজাৰত কিনিবলৈ পোৱা যান্ত্ৰিক গামোচাতকৈ সেই তাহানিৰ হাতৰ তাঁতৰ গামোচাখনৰ প্ৰতিটো সূতাত আছিল আন্তৰিকতাৰ স্পৰ্শ।
বৰ্তমানৰ প্ৰত্যাহ্বান: ডিজিটেল সংযোগ বনাম হৃদয়ৰ টান
সময় সলনি হৈছে। আজিৰ ডিজিটেল যুগত দূৰত্ব কমিছে যদিও আৱেগৰ ঘনত্ব কমিছে নেকি সেয়া এক চিন্তনীয় বিষয়। ব্যস্ততাৰ দোহাই দি বহুক্ষেত্ৰত জীয়াৰীসকলে আজি পিতৃগৃহলৈ যোৱাৰ পৰিৱৰ্তে এটি ভিডিঅ’ কল বা ছ’চিয়েল মিডিয়াৰ পোষ্টতে বিহুৰ শুভেচ্ছা সামৰে। চোতালৰ বিহু আজি মঞ্চৰ প্ৰতিযোগিতাত আৱদ্ধ। বাণিজ্যিকীকৰণে বিহুৰ পৰা সেই ‘নিৰিবিলি চেনেহ’খিনি কাঢ়ি নিব খুজিছে।
জীয়াৰী বা চেনেহী বিহুৱে আমাক সোঁৱৰাই দিয়ে যে সমাজ এখনৰ মেৰুদণ্ড হ’ল পাৰিবাৰিক আৰু সামাজিক সম্প্ৰীতি। কেৱল ঢোল-পেঁপাৰ শব্দই বিহু নহয়, বিহু হ’ল মানুহৰ মাজৰ আন্তৰিকতা। আধুনিকতাৰ গ্ৰাসত পৰি আমি যদি এই সুকোমল পৰম্পৰাবোৰ হেৰুৱাই পেলাওঁ, তেন্তে আমাৰ পৰিচয় সংকটাপন্ন হ’ব।
নতুন প্ৰজন্মৰ দায়িত্ব হ’ল বিহুৰ এই চেনেহী আত্মাটোক জীয়াই ৰখাৰ। মঞ্চৰ পোহৰৰ মাজতো যাতে আমাৰ ঘৰুৱা চোতালখনৰ মৰমখিনি ম্লান হৈ নাযায়, তাৰ বাবে আমি সচেতন হ’ব লাগিব। চেনেহী বিহু কেৱল এটা দিন নহয়, এইদিন আমাৰ অস্তিত্বৰ এক এৰাব নোৱাৰা অংশ। চেনেহী বিহুৰ দিনা ডেকা-গাভৰুৰ মাজত আদান-প্ৰদান হোৱা নিভৃত মৰমৰ এটা জনপ্ৰিয় যোজনা:
"বিহুৰে বিৰিণা পাতে ঐ চেনাইটি
বিহুৰে বিৰিণা পাত,
বিহুৰ দিনাখন নোলালে ওলাই আহি
নিদিলে মৰমৰ মাত।"
সমাজৰ সেই 'শাওনৰ মেঘ', যিয়ে বিচ্ছেদৰ খৰাঙতো চেনেহৰ বৰষুণ দি সম্পৰ্কবোৰ সজীৱ কৰি ৰাখে। ই এক নিৰৱ বিপ্লৱ নাৰীৰ অধিকাৰ, মৰম আৰু সামাজিক মৰ্যাদাৰ এক ধুনীয়া মিশ্ৰণ।
যেতিয়া বিহুৰ দিনবোৰ শেষ হৈ আহে, তেতিয়া চেনেহী বিহুৰ সেই বিদায়বেলাৰ কৰুণ সুৰটো এনেদৰে প্ৰতিধ্বনিত হয়:
"বিহু গৈ পালেগৈ পৰ্বতৰ সিপাৰে
এৰি থৈ গ’ল চেনেহৰ চিন,
চেনেহী বিহুটো গৈ পালে মানেগৈ
হৈ পৰিল আমাৰে মনটো আমন-জিমন।"
(সম্পাদকীয় কলমৰ পৰা)
Post a Comment