“তাঁত বিহু: শিপিনীৰ সৃষ্টিশীলতা আৰু অসমীয়া ঐতিহ্যৰ জীৱন্ত উৎসৱ”

অতিকৈ চেনেহৰ মুগাৰে মহুৰা,
অতিকৈ চেনেহৰ মাকোঁ;
তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটি,
নাপাতি কেনেকৈ থাকোঁ।”

এই বিহুনামৰ মধুৰ ধ্বনিৰ মাজতেই প্ৰতিফলিত হয় অসমীয়া জীৱনৰ হৃদয়স্পৰ্শী অনুভৱ। ব’হাগ বিহুৰ চতুৰ্থ দিন, অৰ্থাৎ আজি ‘তাঁত বিহু’, মাথোঁ এটা দিন নহয় আজি দিনটো অসমীয়া জাতিৰ শিপা, সংস্কৃতি আৰু পৰম্পৰাৰ এক জীৱন্ত প্ৰতিচ্ছবি।

তাঁত বিহু মূলতঃ শিপিনীসকলৰ বাবে এক বিশেষ দিন। এই দিনটোত শিপিনীয়ে তাঁতশালত সমবেত হৈ ধূপ-ধূনা জ্বলাই, গুৱা-পাণ আগবঢ়াই আৰু তাঁতৰ আগত  প্ৰাৰ্থনা জনায় ভগৱান আৰ্শীবাদ বিচাৰে । এই আচাৰ অনুষ্ঠানৰ মাজেৰে শিপিনীয়ে নিজৰ কৰ্মৰ পৱিত্ৰতা আৰু ঐতিহ্যৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰে। আজিৰ দিনটো চহা শিল্পীসকলৰ এক আধ্যাত্মিক সংযোগ, য’ত শ্রম, বিশ্বাস আৰু সংস্কৃতি একেলগে মিলি যায়।

আজিৰ যুগত যান্ত্ৰিক বস্ত্ৰ উদ্যোগৰ বাঢ়নি আৰু বজাৰৰ প্ৰতিযোগিতাই পৰম্পৰাগত তাঁতশিল্পক সংকটৰ মুখলৈ ঠেলি দিছে। হাতেৰে বোনা মুগা-পাটৰ বস্ত্ৰসমূহ যি এক সময়ত গৌৰৱৰ প্ৰতীক আছিল, সেয়া এতিয়া বহু ক্ষেত্ৰত বিকল্পৰ অভাৱত অৱহেলিত হৈ পৰিছে। এই পৰিস্থিতিত ‘তাঁত বিহু’ৰ তাৎপৰ্য আৰু অধিক গুৰুত্বপূৰ্ণ হৈ উঠে, কিয়নো ই আমাক আমাৰ শিপালৈ উভতি চাবলৈ আৰু এই ঐতিহ্য সংৰক্ষণৰ প্ৰয়োজনীয়তা উপলব্ধি কৰায়।

অসমীয়া শিপিনীৰ জীৱন তাঁতৰ লগত ওতপ্ৰোতভাৱে জড়িত। তেওঁলোকৰ নিপুণ হাতৰ ছোঁৱাত জন্ম লয় মুগা, পাট আৰু এৰিৰ ,গামোচা দৰে মূল্যৱান বস্ত্ৰ, যিয়ে অসমক বিশ্বৰ আগত এক অনন্য পৰিচয় প্ৰদান কৰিছে। ছাঁতত শুকুৱা সুতা, ৰঙৰ সজীৱ খেল আৰু নিখুঁত বুননি এই সকলোবোৰে একোখন বস্ত্ৰক কেৱল পৰিধানযোগ্য সামগ্ৰী নহয়, বৰঞ্চ এটি সপোন, এটি কাহিনী কৰি তোলে। তাঁতশাল কেৱল কাম কৰাৰ ঠাই নহয়; অসমীয়া শিপিনীৰ এখন সৃষ্টিশীলতাৰ আঙিনা, য’ত প্ৰতিটো সুতা জোৰা লগোৱাৰ সৈতে জড়িত থাকে অনুভৱ আৰু পৰম্পৰা। ব’হাগ বিহুৰ আনন্দ-উল্লাসৰ মাজত তাঁতশাল আৰু শিপিনীৰ এই গভীৰ সম্পৰ্কই আমাৰ সংস্কৃতিক অধিক সমৃদ্ধ কৰি তোলে।

সঁচাকৈয়ে, বাপতিসাহোন ৰঙালী বিহুৰ সৈতে তাঁতশালৰ সম্পৰ্ক এৰাব নোৱাৰা। তাঁতশাল অসমীয়া শিপিনীৰ অতীতৰ স্মৃতি, বৰ্তমানৰ পৰিচয় আৰু ভৱিষ্যতৰ আশাৰ বাহক। সেয়ে, তাঁত বিহু কেৱল এক অনুষ্ঠান নহয় অসমীয়া আত্মাৰ এক উজ্জ্বল প্ৰকাশ

■ চন্দন বৰা  

৯৪০১৮৩০৭৯০

Post a Comment

Previous Post Next Post