বোকাখাতত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হৰিপ্ৰসাদ শইকীয়াৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
“বিকল্প বিচাৰি স্বতঃস্ফূর্তভাৱে আগবাঢ়িছে ৰাইজ : গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হোৱা বাবে বোকাখাতৰ ৰাইজে মোক ভোট দিব : হৰিপ্ৰসাদ শইকীয়া
আমাৰ প্ৰতিবেদক,কমাৰগাঁও, ২ এপ্ৰিল: সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বোকাখাত সমষ্টিত ৰাজনৈতিক উত্তেজনা দিনে দিনে বৃদ্ধি পাইছে। এইবাৰ সমষ্টিটোত শাসক আৰু বিৰোধী শক্তিৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা গঢ় লৈ উঠাৰ সম্ভাৱনাই সমষ্টিটোক ৰাজনৈতিক আলোচনাৰ কেন্দ্ৰবিন্দুত পৰিণত কৰিছে। বোকাখাত সমষ্টিত দহ বছৰ শাসনৰ গাদী দখল কৰি অহা কেবিনেট মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাই নিৰ্বাচনী প্ৰচাৰ তুংগত কৰিছে যদিও পিছ পৰি ৰোৱা নাই অন্যন্য ৰাজনৈতিক দল সমূহো। ১০৫ নং বোকাখাত বিধানসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হিচাপে ৰাইজৰ দলৰ হৈ অৱতীৰ্ণ হোৱা হৰিপ্ৰসাদ শইকীয়াই গাঁৱে গাঁৱে গৈ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে।
সমষ্টিটোৰ কমাৰগাঁও, নুমলীগড়, বিহৰা, মহুৰামুখ, উত্তৰ মহুৰা, গুলু টেমেৰা আদি অঞ্চলৰ লগতে মিচিং অধ্যুষিত বহু পিছপৰা অঞ্চলতো উপস্থিত হৈ তেওঁ সাধাৰণ ৰাইজৰ সৈতে প্ৰত্যক্ষ যোগাযোগ স্থাপন কৰিছে। প্ৰচাৰ অভিযানৰ সময়ছোৱাত সংবাদ মাধ্যমৰ আগত শইকীয়াই মন্তব্য কৰে যে, বোকাখাতত এতিয়া “বিকল্পৰ ৰাজনীতি”ৰ বাবে এক স্পষ্ট ধাৰা গঢ় লৈ উঠিছে। তেওঁৰ ভাষ্য অনুসৰি, দীৰ্ঘদিন ধৰি জমা হৈ থকা অসন্তুষ্টি আৰু অপূৰ্ণ প্ৰতিশ্ৰুতিৰ ফলতেই ৰাইজে এতিয়া স্বতঃস্ফূর্তভাৱে নতুন দিশ বিচাৰি আগবাঢ়িছে বুলি উল্লেখ কৰে।তেওঁ শাসক পক্ষৰ উন্নয়নৰ দাবীক কঠোৰ ভাষাৰে প্ৰশ্নবিদ্ধ কৰি কয় যে, দহ বছৰীয়া শাসনকালত তথা কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰাৰ পাছতো সমষ্টিটোৰ বহু মৌলিক সমস্যা সমাধান নোহোৱাকৈ ৰৈ গৈছে। বিশেষকৈ গ্ৰাম্য পথ-ঘাট, কৃষি ব্যৱস্থা, স্বাস্থ্যসেৱা আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰকৃত উন্নয়ন দৃশ্যমান নহয় বুলি তেওঁ অভিযোগ উত্থাপন কৰে। শইকীয়াই কয় যে, বোকাখাতৰ কৃষকসকল এতিয়াও সংৰক্ষণ ব্যৱস্থাৰ অভাৱত তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ ন্যায্য মূল্য পোৱাৰ পৰা বঞ্চিত। সেয়ে কৃষকৰ বাবে আধুনিক শীতলীকৰণ ভঁৰাল স্থাপন, বজাৰ সংযোগ উন্নত কৰা আৰু কৃষি-ভিত্তিক অৰ্থনীতি শক্তিশালী কৰা তেওঁলোকৰ প্ৰাথমিক লক্ষ্য হ’ব।ইফালে, চাহ বাগিচাৰ শ্ৰমিকসকলৰ জীৱন-জীৱিকাৰ মানো উন্নত কৰা, স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত বিশেষ সুবিধা প্ৰদান কৰাৰ কথাও তেওঁ উল্লেখ কৰে। লগতে যুৱ সমাজৰ বাবে কৰ্মসংস্থাপন সৃষ্টি, দক্ষতা উন্নয়ন কাৰ্যসূচী আৰু উদ্যোগ সৃষ্টিৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে । স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত তেওঁ কয় যে, সমষ্টিটোত উন্নত চিকিৎসা সুবিধাৰ অভাৱত ৰাইজে বহু সময়ত বাহিৰলৈ যাবলগীয়া হয়। সেয়ে স্থানীয়ভাৱে উন্নত চিকিৎসা ব্যৱস্থা গঢ়ি তোলা আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহ শক্তিশালী কৰা হ’ব বুলি তেওঁ আশ্বাস দিয়ে। পৰ্যটন খণ্ডৰ ক্ষেত্ৰতো বোকাখাতৰ অপাৰ সম্ভাৱনা উল্লেখ কৰি তেওঁ কয় যে, সুসংগঠিত পৰিকল্পনা গ্ৰহণ কৰা হ’লে এই খণ্ডই স্থানীয় অৰ্থনীতিক নতুন গতি প্ৰদান কৰিব পাৰে। একেদৰে শিক্ষাৰ মান উন্নয়ন কৰি আগন্তুক প্ৰজন্মক অধিক সক্ষম কৰি তোলাৰ কথাও তেওঁ উল্লেখ কৰে। মহিলা সৱলীকৰণৰ প্ৰসংগত তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে, বৰ্তমান চৰকাৰৰ আঁচনি থাকিলেও এতিয়াও উল্লেখযোগ্যসংখ্যক মহিলা সেই সুবিধাৰ পৰা বঞ্চিত হৈ আছে। আগন্তুক সময়ত ৰাজ্যত নতুন চৰকাৰ গঠিত হ’লে শতভাগ মহিলাক আঁচনিৰ আওতালৈ অনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ দৃঢ়ভাৱে কয়। সামগ্ৰিকভাৱে বোকাখাতত “পৰিৱৰ্তনৰ ঢৌ” উঠিছে বুলি দাবী কৰি হৰিপ্ৰসাদ শইকীয়াই কয় যে, এইবাৰ ৰাইজে বিকল্প শক্তিক সুযোগ দিবলৈ মানসিকভাৱে প্ৰস্তুত। গাঁৱে গাঁৱে ৰাইজৰ সঁহাৰি আৰু সমৰ্থনে তেওঁলোকক অধিক উৎসাহিত কৰিছে বুলি উল্লেখ কৰি আগন্তুক নিৰ্বাচনত সফলতাৰ বিষয়ে তেওঁ আশা ব্যক্ত কৰে।

Post a Comment