পেট্ৰ’ল-গেছ-ঔষধৰ মূল্যবৃদ্ধি আৰু টোল মাচুল বৃদ্ধি বাতিলৰ দাবী আছুৰ

পেট্ৰ’ল-গেছ-ঔষধৰ মূল্যবৃদ্ধি আৰু টোল মাচুল বৃদ্ধি বাতিলৰ দাবী আছুৰ
প্ৰতিবেদক গুৱাহাটী, ২ এপ্ৰিলঃ
কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পেট্ৰ’ল, বাণিজ্যিক গেছ, অত্যাৱশ্যকীয় ঔষধৰ মূল্যবৃদ্ধিৰ লগতে টোল মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্তক তীব্ৰ প্ৰতিবাদ জনাইছে All Assam Students’ Union (আছু)-এ। সংগঠনটোৱে এই সিদ্ধান্তসমূহক “জনবিৰোধী” আখ্যা দি তৎক্ষণাৎ বাতিল কৰাৰ দাবী জনাইছে।
 এক বিবৃতিত আছুৰ সভাপতি শংকৰপ্ৰসাদ শইকীয়া আৰু সাধাৰণ সম্পাদক সঞ্জীৱ শইকীয়াই কয় যে, এই মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজা আৰোপ কৰিছে। ইতিমধ্যে দ্ৰব্যৰ মূল্যবৃদ্ধিৰ বাবে জীয়াই থকাৰ ক্ষেত্ৰত সাধাৰণ মানুহে সমস্যাৰ সন্মুখীন হৈ থকা অৱস্থাত এই ধৰণৰ সিদ্ধান্ত অতি দুৰ্ভাগ্যজনক বুলি তেওঁলোকে মন্তব্য কৰে।
তেওঁলোকে কয় যে, পেট্ৰ’ল আৰু গেছৰ মূল্যবৃদ্ধিৰ ফলত পৰিবহণ খৰচ বৃদ্ধি পাইছে, যাৰ প্ৰভাৱত নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ দামো বৃদ্ধি পাইছে। একে সময়তে অত্যাৱশ্যকীয় ঔষধৰ মূল্য বৃদ্ধি পোৱাত ৰোগীসকল অধিক সংকটৰ সন্মুখীন হৈছে।
আছুৰ মতে, এনে সময়ত জনসাধাৰণক সহায় কৰাৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰে টোল মাচুল বৃদ্ধি কৰি ৰাইজৰ ওপৰত অধিক বোজা আৰোপ কৰিছে। সংগঠনটোৱে স্পষ্টকৈ কয় যে, এই সিদ্ধান্তসমূহ অবিলম্বে প্ৰত্যাহাৰ নকৰিলে গণআন্দোলন গঢ়ি তোলা হ’ব। আছুৱে কেন্দ্ৰীয় চৰকাৰক জনস্বাৰ্থক প্ৰাধান্য দি মূল্যবৃদ্ধি আৰু টোল মাচুল বৃদ্ধিৰ দৰে সিদ্ধান্তসমূহ বাতিল কৰিবলৈ আহ্বান জনাইছে।

Post a Comment

Previous Post Next Post