অসমত ইন্ধন সংকটৰ খবৰ খণ্ডন, আতংকত ক্ৰয় নকৰিবলৈ আহ্বান: মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শর্মাৰ আশ্বাস; ৰাজ্যত পৰ্যাপ্ত পেট্ৰ’ল, ডিজেল আৰু এলপিজি মজুত
আজিৰ কণ্ঠ ,গুৱাহাটী, বিশেষ প্ৰতিবেদন, ২৬ মাৰ্চ:
অসম চৰকাৰে ৰাজ্যত ইন্ধনৰ সংকটৰ সন্দৰ্ভত চলি থকা খবৰ সম্পূৰ্ণভাৱে খণ্ডন কৰি ৰাইজক আতংকত অতিৰিক্ত পেট্ৰল, ডিজেল ক্ৰয় নকৰিবলৈ আহ্বান জনাইছে। গুৱাহাটী লগতে ৰাজ্যৰ বিভিন্ন পেট্ৰ’ল পাম্পত দেখা পোৱা দীঘলীয়া শাৰীসমূহৰ বাবে একাংশই উৰা বাতৰি সৃষ্টি হোৱা বুলি প্ৰশাসনে প্ৰকাশ কৰিছে।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে স্পষ্টভাৱে কয় যে, অসমত পেট্ৰ’ল, ডিজেল আৰু এলপিজিৰ কোনো অভাৱ নাই আৰু পৰ্যাপ্ত মজুত আছে। তেওঁ ৰাইজক উদ্দেশ্য কৰি কয় “কোনো ধৰণৰ চিন্তাৰ প্ৰয়োজন নাই। অপ্রয়োজনীয়ভাৱে ইন্ধন সঞ্চয় নকৰিব আৰু যিমান প্ৰয়োজন, সেই অনুসাৰেই ব্যৱহাৰ কৰিব।”
ইয়াৰ লগতে তেওঁ উল্লেখ কৰে যে, যদি কোনো ধৰণৰ সংকট থাকিলহেঁতেন, তেন্তে চৰকাৰে আগতীয়াকৈ জনসাধাৰণক অৱগত কৰিলেহেঁতেন। কেন্দ্ৰীয় স্তৰত অনুষ্ঠিত বৈঠকতো দেশজুৰি ইন্ধনৰ কোনো সংকট নাই বুলি নিশ্চিত কৰা হৈছে।
ইফালে, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ে জনোৱা অনুসৰি, জিলাখনত বৰ্তমান পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত আছে আৰু কোনো ধৰণৰ অভাৱৰ সম্ভাৱনা নাই। একে সময়তে, ৰাইজক কোনো সমস্যাৰ সন্মুখীন হ’লে জৰুৰী সহায় নম্বৰ ১০৭৭ত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
প্ৰশাসনে সকীয়াই দিছে যে, এই ধৰণৰ আতংকত ক্ৰয় অব্যাহত থাকিলে ইন্ধনৰ যোগান ব্যৱস্থাত ব্যাঘাত ঘটিব পাৰে। সেয়ে সকলোকে শান্ত থাকি উৰা বাতৰিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনোৱা হৈছে।
Post a Comment