কমাৰগাঁও মহাবিদ্যালয়ৰ ছাত্ৰীৰ সাফল্য: চিম্পী লইঙলৈ স্বৰ্ণ পদক
বোকাখাত,২৭ মাৰ্চ:
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ (KKHSOU) সদ্যঘোষিত স্নাতকোত্তৰ পৰীক্ষাত কমাৰগাঁও মহাবিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰৰ (কেন্দ্ৰ নং- ১১০২) এগৰাকী ছাত্ৰীয়ে উল্লেখনীয় সফলতাৰে মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ ছাত্ৰী চিম্পী লইঙে স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।
চিম্পী লইঙৰ এই অভূতপূৰ্ব সফলতাত কমাৰগাঁও মহাবিদ্যালয় পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোতে আনন্দৰ জোৱাৰ উঠিছে।
ছাত্ৰীগৰাকীৰ এই কৃতিত্বত উৎফুল্লিত হৈ কমাৰগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অধ্যয়ন কেন্দ্ৰৰ তত্ত্বাৱধায়ক ড° গৌতম কুমাৰ শইকীয়া আৰু মুক্ত বিশ্ববিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক তথা ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক বিদ্যুৎ দেউৰীকে প্ৰমুখ্য কৰি মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে তেওঁক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।
একাগ্ৰতা আৰু সঠিক মৰ্মস্পৰ্শী নিৰ্দেশনা থাকিলে যে মুক্ত শিক্ষাৰ জৰিয়তেও এনে সাফল্য অৰ্জন কৰিব পাৰি, চিম্পীয়ে তাক প্ৰমাণ কৰি দেখুৱালে বুলি মহাবিদ্যালয় কৰ্তৃপক্ষই মত প্ৰকাশ কৰে।
নামভৰ্তিৰ জাননী:
ইফালে, অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক বিদ্যুৎ দেউৰীয়ে জনোৱা মতে, অহা জুলাই মাহৰ পৰা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ নতুন শিক্ষাবৰ্ষৰ পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব। আগ্ৰহী ছাত্ৰ-ছাত্ৰী তথা ইচ্ছুক ব্যক্তিসকলক এই সন্দৰ্ভত অধিক জানিবলৈ ৯৭০৭২৭৪৩০৭ নম্বৰত যোগাযোগ কৰিবলৈ তেওঁ আহ্বান জনাইছে।
Post a Comment