১৭ জুনত বোকাখাতত বিদ্যুৎ যোগান ব্যাহত হ’ব

১৭ জুনত বোকাখাতত বিদ্যুৎ যোগান ব্যাহত হ’ব
আজিৰ কণ্ঠ, বোকাখাত, ১৬ জুন: ৰক্ষণাবেক্ষণমূলক কামৰ বাবে অহা ১৭ জুন, ২০২৬ তাৰিখে পুৱা ৫:৩০ বজাৰ পৰা ৯:০০ বজালৈ ১৩২ কেভি যোৰহাট (পশ্চিম)–বোকাখাত সংযোগী বিদ্যুৎ লাইনত নিৰ্ধাৰিত শ্বাটডাউন গ্ৰহণ কৰা হ’ব।
অসম বিদ্যুৎ গ্ৰীড নিগম লিমিটেড (AEGCL)-ৰ বোকাখাতস্থিত ১৩২ কেভি গ্ৰীড উপকেন্দ্ৰৰ আবাসিক অভিযন্তা গৌতম বৰাই জাৰি কৰা এক জাননীত উল্লেখ কৰা মতে, ইনকামিং লাইন বে'ৰ কৰিডৰ পৰিষ্কাৰ আৰু ৰক্ষণাবেক্ষণৰ কাম সম্পন্ন কৰাৰ উদ্দেশ্যে এই শ্বাটডাউন লোৱা হৈছে।
উক্ত সময়ছোৱাত বোকাখাত ১৩২ কেভি গ্ৰীড উপকেন্দ্ৰৰ পৰা সংযোগ পোৱা সকলো ৩৩ কেভি ফিডাৰত বিদ্যুৎ যোগান ব্যাহত হ’ব, ফলত বোকাখাত আৰু সংলগ্ন অঞ্চলসমূহত বিদ্যুৎ সেৱা সাময়িকভাৱে প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে।

Post a Comment

Previous Post Next Post