বাদুলিপাৰ-কমাৰগাঁও ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বিষাক্ত পাথেনিয়ামৰ দপদপনি
জনস্বাস্থ্যৰ প্ৰতি ভাবুকি, প্ৰশাসন আৰু এনএইচআইডিচিএলৰ ভূমিকা লৈ প্ৰশ্ন
আজিৰ কণ্ঠ, নিউজ ডেক্স ১৭ জুন : গোলাঘাট জিলাৰ বাদুলিপাৰৰ পৰা কমাৰগাঁও পৰ্যন্ত ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ অংশত বৰ্তমান বিষাক্ত পাথেনিয়াম (Congress Grass)-এ ব্যাপকভাৱে বিস্তাৰ লাভ কৰি জনসাধাৰণৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ অংশত গজি উঠা এই বিষাক্ত অপতৃণৰ ফলত পথচাৰী, স্থানীয় বাসিন্দা, ছাত্ৰ-ছাত্ৰী তথা যাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি এক গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে।
বিশেষজ্ঞসকলৰ মতে পাথেনিয়াম গছৰ সংস্পৰ্শলৈ আহিলে ছালৰ এলাৰ্জি, খজুৱতি, ডাৰ্মাটাইটিছ, হাঁপানী, শ্বাস-প্ৰশ্বাসজনিত সমস্যা, চকুৰ জ্বলা-পোৰা আদি বিভিন্ন ৰোগ হ’ব পাৰে। ইয়াৰ পৰাগৰেণুৱে বায়ুৰ জৰিয়তে বিয়পি বহু লোকক আক্ৰান্ত কৰাৰ আশংকা থাকে।
স্থানীয় ৰাইজে অভিযোগ কৰা মতে, ৰাষ্ট্ৰীয় ঘাইপথত এই বিষাক্ত গছসমূহ দিনে দিনে বৃদ্ধি পাইছে যদিও ইয়াক উচ্ছেদ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু NHIDCL-এ কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা নাই। পথৰ সৌন্দৰ্য ৰক্ষাৰ লগতে জনস্বাস্থ্য সুৰক্ষাৰ দায়িত্ব থকা সংশ্লিষ্ট বিভাগসমূহৰ এনে উদাসীনতাই সচেতন মহলত প্ৰশ্নৰ সৃষ্টি কৰিছে।
ৰাইজৰ মতে, কোটি কোটি টকা ব্যয়েৰে নিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিষাক্ত পাথেনিয়ামৰ অবাধ বিস্তাৰ কেৱল পৰিৱেশৰ বাবেই নহয়, জনস্বাস্থ্যৰ বাবেও অশনি সংকেত। বিশেষকৈ বৰষুণৰ বতৰত এই অপতৃণ অধিক দ্ৰুতগতিত বিয়পি পৰাৰ সম্ভাৱনা থাকে।
সচেতন নাগৰিকসকলে শীঘ্ৰে বাদুলিপাৰৰ, বনগাঁও, তামুলীপথাৰ, পানীদিহিং, কমাৰগাঁও পাৰঘাট, ৰঙামাটী আদি পৰ্যন্ত পথৰ মাজৰ অংশত বিশেষ অভিযান চলাই পাথেনিয়াম উচ্ছেদ কৰাৰ লগতে নিয়মীয়া পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ পাদিকৰণক দাবী জনাইছে। অন্যথা এই বিষাক্ত অপতৃণৰ ফলত ভৱিষ্যতে এক বৃহৎ জনস্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় সচেতন লোকে।
Post a Comment