বংকুৱাল আয়ুস্মান আৰোগ্য মন্দিৰত বছৰজুৰি সামূহিক স্বাস্থ্য বিষয়াৰ অভাৱ
চিকিৎসা সেৱাৰ পৰা বঞ্চিত ৰাইজ, ব্যৱস্থা গ্ৰহণৰ দাবী
মনিকাঞ্চন ফুকন মহুৰামুখ, ১৭ জুনঃ বোকাখাত সম-জিলাৰ মহুৰামুখ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ বংকুৱাল আয়ুস্মান আৰোগ্য মন্দিৰটো বিগত প্ৰায় এটা বছৰে সামূহিক স্বাস্থ্য বিষয়াৰ অবিহনেই চলি থকাৰ অভিযোগ উত্থাপন হৈছে। ফলত অঞ্চলটোৰ সাধাৰণ ৰাইজে প্ৰাথমিক স্বাস্থ্য সেৱা লাভৰ ক্ষেত্ৰত নানা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, সামূহিক স্বাস্থ্য বিষয়াৰ পদটো দীৰ্ঘদিন ধৰি খালী হৈ থকাৰ বিষয়টো বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰা হৈছে। ইয়াৰ উপৰিও বিভিন্ন দল-সংগঠনে বিষয়টো লৈ সংশ্লিষ্ট বিভাগক অৱগত কৰি আহিছে যদিও এতিয়ালৈকে কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই।উল্লেখ্য যে, বানপ্ৰৱণ অঞ্চল হিচাপে পৰিচিত এই অঞ্চলটোত প্ৰতি বছৰে বানপানীৰ ফলত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। এনে পৰিস্থিতিত স্বাস্থ্য কেন্দ্ৰখনত সামূহিক স্বাস্থ্য বিষয়াৰ অনুপস্থিতিয়ে ঔষধ আৰু অন্যান্য চিকিৎসা সামগ্ৰীৰ যোগান ব্যৱস্থাতো প্ৰভাৱ পেলোৱাৰ অভিযোগ উঠিছে। ফলস্বৰূপে, অঞ্চলবাসীয়ে প্ৰয়োজনীয় স্বাস্থ্যসেৱা লাভৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে।স্থানীয় ৰাইজে কয় যে, বংকুৱাল আয়ুস্মান আৰোগ্য মন্দিৰটো অঞ্চলটোৰ প্ৰাথমিক চিকিৎসা সেৱাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ। কিন্তু দীৰ্ঘদিনীয়া কৰ্মচাৰী সংকটৰ বাবে কেন্দ্ৰটোৰ স্বাভাৱিক কাৰ্যক্ষমতা ব্যাহত হৈছে। অঞ্চলটোৰ জনসাধাৰণে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা আৰু সদ্য গঠিত নতুন চৰকাৰৰ ওচৰত অতি শীঘ্ৰে এজন অভিজ্ঞ সামূহিক স্বাস্থ্য বিষয়াক নিযুক্তি দি স্বাস্থ্য কেন্দ্ৰখনত সুচল স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ দাবী জনাইছে। ৰাইজে আশা প্ৰকাশ কৰিছে যে, জনস্বাস্থ্যৰ সৈতে জড়িত এই গুৰুত্বপূৰ্ণ সমস্যাটোৰ প্ৰতি চৰকাৰ আৰু স্বাস্থ্য বিভাগে যথোচিত গুৰুত্ব আৰোপ কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব।
Post a Comment