মহাপুৰুষৰ পৱিত্ৰ ভূমিত মদৰ উল্লাস : জাতীয় বিবেকৰ নীৰৱ পৰাজয়"

"মহাপুৰুষৰ পৱিত্ৰ ভূমিত মদৰ উল্লাস : জাতীয় বিবেকৰ নীৰৱ পৰাজয়"

পৰ উপকাৰত যাৰ মন, সেইজনেই প্ৰকৃত মানুহ।”  কিন্তু বৰ্তমান সময়ত সমাজখনলৈ চালে অনুভৱ হয়—আমাৰ মন যেন উপকাৰ, নৈতিকতা আৰু আধ্যাত্মিকতাৰ পৰা আঁতৰি ভোগবাদ, আত্মকেন্দ্ৰিকতা আৰু মদৰ মোহত অধিক আবদ্ধ হৈ পৰিছে।এটা সময় আছিল যেতিয়া সন্ধিয়া নামিলেই নামঘৰৰ খোল-তালৰ ধ্বনি, ভাগৱত পাঠ, সাহিত্যৰ আড্ডা, জ্যেষ্ঠজনৰ জীৱনবোধ আৰু সমাজৰ কল্যাণকেন্দ্ৰিক আলোচনা শুনা গৈছিল। আজিৰ বহু ঠাইত সেই শব্দবোৰ হেৰাই গৈছে। তাৰ ঠাইত শুনা যায় গিলাচৰ টুংটাং শব্দ। যেন মদ অবিহনে আনন্দ নহয়, উৎসৱ নহয়, বন্ধুত্ব নহয়, আনকি কিছুমানৰ বাবে আধ্যাত্মিক অনুষ্ঠানৰ সামৰণিও নহয়।

এইটো কেৱল অভ্যাস নহয়, ই এক ভয়ংকৰ সামাজিক ব্যাধি। আজি এনে এক পৰিস্থিতি সৃষ্টি হৈছে যে কিছুমান লোকে নামঘৰলৈও মদ খাই যাবলৈ সংকোচ অনুভৱ নকৰে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামঘৰক সমাজ সংস্কাৰ, নৈতিক শিক্ষা আৰু আধ্যাত্মিক জাগৰণৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল, সেই পৱিত্ৰ স্থানৰ প্ৰতি এনে অৱমাননা কেৱল ধৰ্মীয় মূল্যবোধৰ ওপৰত আঘাত নহয় ই সমগ্ৰ অসমীয়া জাতিসত্তাৰ ওপৰত চপৰা।

সাহিত্যসম্ৰাট লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল, “যি জাতিৰ আত্মসন্মান নাই, সেই জাতিৰ ভৱিষ্যৎও নাই।” প্ৰশ্ন হ'ল, নিজৰ সংস্কৃতি, আধ্যাত্মিকতা আৰু সামাজিক শৃংখলাৰ প্ৰতি সন্মান নোহোৱাকৈ আমি কেনেকৈ এখন সুস্থ সমাজৰ সপোন দেখিম?আজি মদ কেবল দোকানত বিক্ৰী হোৱা এবিধ সামগ্ৰী নহয়; ই ক্ৰমাৎ সামাজিক স্বীকৃতি লাভ কৰা এক বিষবৃক্ষ। জন্মদিনত মদ, বিয়াত মদ, ভোজত মদ, উৎসৱত মদ, পিকনিকত মদ—যেন সকলো আনন্দৰ একমাত্ৰ পৰিচয় মদ। এই মানসিকতা সভ্য সমাজৰ লক্ষণ হ'ব নোৱাৰে। দুখৰ বিষয়, এই বিপদৰ বিৰুদ্ধে মাত মাতিলেই একাংশ লোকৰ গাত লাগে। সমালোচনা সহ্য কৰিব নোৱাৰে। কিন্তু সত্য কেতিয়াও মিঠা নহয়। সমাজক ধ্বংসৰ দিশলৈ ঠেলি নিয়া অভ্যাসক "আধুনিকতা" বুলি অভিহিত কৰাটো আত্মপ্ৰবঞ্চনাৰ বাহিৰে আন একো নহয়।

ড° ভূপেন হাজৰিকাই গীতৰ সুৰত কৈ গৈছিল—

"মানুহে মানুহৰ বাবে..."

কিন্তু আজি বহু ক্ষেত্ৰত মানুহে মানুহৰ বাবে নহয়, মদৰ বাবে একত্ৰিত হয়। আড্ডা হয়, কিন্তু চিন্তাৰ নহয়; সমাগম হয়, কিন্তু মূল্যবোধৰ নহয়; উৎসৱ হয়, কিন্তু আত্মিক আনন্দৰ নহয়। ফলত সমাজৰ মাজত দায়িত্ববোধ, সহনশীলতা আৰু নৈতিক শক্তি ক্ৰমাৎ ক্ষয়িষ্ণু হৈ পৰিছে। ইয়াত চৰকাৰ আৰু সংশ্লিষ্ট বিভাগসমূহৰ ভূমিকাও প্ৰশ্নাতীত নহয়। ৰাজহৰ মোহত মদৰ অবাধ প্ৰসাৰক উৎসাহিত কৰি, আনহাতে সমাজত নৈতিকতাৰ ভাষণ দিয়াটো এক প্ৰকাৰৰ দ্বিচাৰিতা। গাঁও-চহৰৰ প্ৰতিটো কোণত মদ সহজলভ্য, কিন্তু সজাগতা অভিযান, কঠোৰ নিয়ন্ত্ৰণ আৰু সামাজিক পুনৰ্জাগৰণৰ ক্ষেত্ৰত দেখা যায় উদাসীনতা। যেন বিভাগসমূহ কুম্ভকৰ্ণৰ নিদ্ৰাত নিমগ্ন।

মহাপুৰুষ মাধৱদেৱে শিকাইছিল—“সংযমেই মানুহৰ প্ৰকৃত অলংকাৰ।” অথচ আজি সংযমক দুৰ্বলতা আৰু অসংযমক আধুনিকতা বুলি প্ৰচাৰ কৰা হৈছে। এই মানসিকতা সমাজৰ বাবে অতি বিপজ্জনক।

আমি মনত ৰাখিব লাগিব, মদে কেতিয়াও কোনো জাতিক মহান কৰা নাই। মদে সাহিত্য সৃষ্টি নকৰে, সংস্কৃতি গঢ়ি নোটোলাই । মদে আধ্যাত্মিক চেতনাৰ উন্মেষ ঘটাব নোৱাৰে। বৰঞ্চ ই বহু পৰিয়াল ধ্বংস কৰে, বহু সন্তানৰ ভৱিষ্যৎ অন্ধকাৰ কৰে আৰু বহু মানুহৰ বিবেক নিশেষ কৰি তোলে।  সময় আহিছে কঠোৰ আত্মসমীক্ষাৰ। যদি নামঘৰৰ ঘণ্টাধ্বনিতকৈ মদৰ গিলাচৰ শব্দ অধিক মধুৰ লাগে, যদি ভাগৱত পাঠতকৈ মদৰ আসৰ অধিক আকৰ্ষণীয় লাগে, তেন্তে বুজিব লাগিব সংকট কেৱল ব্যক্তিৰ নহয়, সমগ্ৰ সমাজৰ।

মহাপুৰুষৰ ভূমিত, সত্ৰ-নামঘৰৰ ঐতিহ্য বহন কৰা অসমত যদি আধ্যাত্মিকতাৰ স্থান দখল কৰে মদে, তেন্তে ই কেৱল এক সামাজিক ব্যৰ্থতা নহয় ই আমাৰ জাতীয় বিবেকৰ পৰাজয়।

সময় থাকোঁতেই সমাজ জাগ্ৰত হওক। নহ'লে ইতিহাসে এদিন কঠোৰ ভাষাত লিখিব অসমৰ মানুহে মহাপুৰুষৰ বাণী পাহৰি মদৰ গিলাচত নিজৰ মূল্যবোধ ডুবাই পেলাইছিল।

■ চন্দন বৰা, কমাৰগাঁও 

Post a Comment

Previous Post Next Post