বৃটিছ মিউজিয়ামত সংৰক্ষিত অসমৰ গৌৰৱ ‘বৃন্দাবনী বস্ত্ৰ’ নিৰীক্ষণ কৰিলে সত্ৰাধিকাৰে
নিউজ ডেক্স,১৬ জুন : বৃটেইনৰ বিখ্যাত British Museum-ত সংৰক্ষিত হৈ থকা অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু তাঁতশিল্পৰ অতুলনীয় নিদৰ্শন ‘বৃন্দাবনী বস্ত্ৰ’ নিৰীক্ষণ কৰি গভীৰ সন্তোষ প্ৰকাশ কৰে এগৰাকী সত্ৰাধিকাৰে। এই ঐতিহাসিক বস্ত্ৰখনে অসমৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু শিল্প-ঐতিহ্যৰ এক অনন্য সাক্ষ্য বহন কৰি আহিছে।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ নিৰ্দেশনা আৰু প্ৰেৰণাত ষোড়শ শতিকাত নিৰ্মিত বৃন্দাবনী বস্ত্ৰত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাৰ বিভিন্ন দৃশ্য সূক্ষ্মভাৱে অংকিত হৈছে। এই ঐতিহাসিক বস্ত্ৰখন অসমৰ দক্ষ তাঁতশিল্পৰ এক বিশ্ববিখ্যাত নিদৰ্শন হিচাপে পৰিগণিত।
সত্ৰাধিকাৰে বস্ত্ৰখন নিবিড়ভাৱে পৰ্যবেক্ষণ কৰি কয় যে, “বৃন্দাবনী বস্ত্ৰ কেৱল এখন কাপোৰ নহয়, ই অসমৰ আধ্যাত্মিক চেতনাৰ, ভক্তি আন্দোলনৰ আৰু বৈষ্ণৱ সংস্কৃতিৰ এক জীৱন্ত দলিল। ইয়াত নিহিত হৈ আছে মহাপুৰুষ শংকৰদেৱৰ সৃষ্টিশীলতা, দৰ্শন আৰু সাংস্কৃতিক দূৰদৃষ্টি।”
উল্লেখ্য যে বৃন্দাবনী বস্ত্ৰখন বৰ্তমান বৃটিছ মিউজিয়ামত সংৰক্ষিত হৈ আছে। প্ৰায় ৯.৩৭ মিটাৰ দীঘল এই বস্ত্ৰখন ১৫টা পৃথক পেনেল সংযোগ কৰি প্ৰস্তুত কৰা হৈছিল আৰু ১৯০৪ চনত তিব্বতৰ পৰা বৃটিছ মিউজিয়ামলৈ অনা হৈছিল।
Post a Comment