কাজিৰঙা কেৱল ৰাষ্ট্ৰীয় উদ্যান নহয়, এক সভ্যতা : নয়নজ্যোতি ভূঞা
বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ প্ৰথম ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন
নিউজ ডেক্স, ১৪ জুনঃ বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ প্ৰথম ত্ৰি-বাৰ্ষিক অধিৱেশনৰ অন্তিম কাৰ্যসূচী হিচাপে কাজিৰঙাৰ আয়’ৰা ৰিজৰ্টত অনুষ্ঠিত মুকলি সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট সাংবাদিক তথা গৱেষক নয়নজ্যোতি ভূঞাই কয় যে, “কাজিৰঙা কেৱল এখন ৰাষ্ট্ৰীয় উদ্যান নহয়, ই এক সভ্যতা।” বন আৰু জনৰ সহাৱস্থানৰ মাজেৰে পৰিৱেশতন্ত্ৰ সুৰক্ষাৰ এক অনন্য দৃষ্টান্ত হিচাপে কাজিৰঙাৰ বিশ্বজোৰা পৰিচয় গঢ় লৈ উঠিছে বুলিও তেওঁ মন্তব্য কৰে।
সংবাদ মঞ্চৰ সভাপতি স্বপন নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি ভূঞাই কাজিৰঙাৰ জৈৱ-বৈচিত্ৰ্য, বন্যপ্ৰাণী আৰু স্থানীয় জনজীৱনৰ বিভিন্ন দিশ জনমানসৰ আগত দায়িত্বশীলভাৱে উপস্থাপন কৰাৰ ক্ষেত্ৰত বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ ভূমিকাৰ শলাগ লয়। তেওঁ কয় যে, কাজিৰঙাৰ পৰিৱেশগত ভাৰসাম্য অক্ষুণ্ণ ৰাখিবলৈ বহনক্ষম পৰ্যটনৰ লগতে ৰাসায়নিক সাৰমুক্ত কৃষি ব্যৱস্থাৰ প্ৰসাৰ অত্যন্ত জৰুৰী। অন্যথা অত্যধিক জনবসতি আৰু ৰাসায়নিক সাৰৰ প্ৰভাৱে অঞ্চলটোৰ বিল-জলাশয়, থলুৱা মাছ আৰু জলজ সম্পদৰ অস্তিত্ব বিপন্ন হোৱাৰ আশংকা আছে। ভৱিষ্যৎ প্ৰজন্মৰ স্বাৰ্থত কাজিৰঙাৰ বাবে এখন বিশেষ ‘প্ৰ’টকল’ প্ৰস্তুত কৰাৰো পোষকতা কৰে তেওঁ।
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই সাংবাদিকসকলক সমাজৰ দাপোণ আখ্যা দি সামাজিক মাধ্যম আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত কিতাপ, আলোচনী আৰু বাতৰি কাকত পঢ়াৰ অভ্যাস হ্ৰাস পোৱাত উদ্বেগ প্ৰকাশ কৰে। তেওঁ নৱপ্ৰজন্মৰ মাজত “পেপাৰ পঢ়াৰ আন্দোলন” গঢ়ি তোলাৰ বাবে সাংবাদিক সমাজক আগভাগ ল’বলৈ আহ্বান জনায়।
অধিৱেশনৰ অংশ হিচাপে অনুষ্ঠিত প্ৰতিনিধি সভাত সভাপতি স্বপন নাথ, যুটীয়া সম্পাদক হোমেন গগৈ আৰু কিষাণ ছেত্ৰীৰ নেতৃত্বাধীন পূৰ্বৰ সমিতিখন সৰ্বসন্মতিক্ৰমে ভংগ কৰি নতুন সমিতি গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
সম্বৰ্ধনা অনুষ্ঠানত কাজিৰঙা, বোকাখাত, কলিয়াবৰ, বিশ্বনাথ আদি অঞ্চলৰ ২৬ গৰাকী সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়। লগতে চিত্ৰাংকণ প্ৰতিযোগিতাৰ ৩০ গৰাকী বিজয়ীক বঁটা প্ৰদান কৰাৰ উপৰিও অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তি, লোকশিল্পী আৰু ক্ৰীড়া প্ৰশিক্ষকসকলকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
Post a Comment