কাজিৰঙাত বন্যপ্ৰাণী নিধনৰ পৰিকল্পনা, দুজন চোৰাং চিকাৰী গ্ৰেপ্তাৰ
আজিৰ কণ্ঠ, বোকাখাত, প্ৰতিনিধি,১১জুন : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ অগৰাতলী ৰেঞ্জত যোৱা নিশা বনবিভাগে চলোৱা এক বিশেষ অভিযানত দুজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গোপন সূত্ৰৰ পম খেদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডিএফঅ'ৰ লগতে বনবিভাগৰ এটা দল আৰু গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ)ৰ নেতৃত্বত এই অভিযান চলোৱা হয়।
অভিযানকালত চোৰাং চিকাৰী দুজনৰ পৰা এখন মটৰচাইকেল আৰু দুটা হস্তনিৰ্মিত বন্দুক উদ্ধাৰ কৰা হয়। তদন্তত প্ৰকাশ পোৱা অনুসৰি, অভিযুক্ত দুজনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰি বন্যপ্ৰাণী নিধনৰ পৰিকল্পনা কৰিছিল।
গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰী দুজন হৈছে বোকাখাতৰ জিন্টু ওৰাং (৪০) আৰু কাৰ্বি আংলঙৰ দলামৰাৰ সৰবাং ৰংহাং (৩১)। ঘটনাটোক কেন্দ্ৰ কৰি বনবিভাগে অধিক তদন্ত অব্যাহত ৰাখিছে।
Post a Comment