বাঘৰ উপস্থিতিত কলিয়াবৰত নিষেধাজ্ঞা, দুপৰীয়া ২ বজাৰ পিছত চলাচলত বাধা

বাঘৰ উপস্থিতিত কলিয়াবৰত নিষেধাজ্ঞা, দুপৰীয়া ২ বজাৰ পিছত চলাচলত বাধা

আজিৰ কণ্ঠ, কলিয়াবৰ, ১১ জুন : কামাখ্যা সংৰক্ষিত বনাঞ্চল সংলগ্ন কেইবাখনো গাঁৱৰ ওচৰত দুটা ৰয়েল বেংগল টাইগাৰ দেখা পোৱাৰ পিছতে কলিয়াবৰ সহ-জিলা প্ৰশাসনে জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত কিছুমান অঞ্চলত চলাচলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। মানৱ-বন্যপ্ৰাণী সংঘাতৰ আশংকা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS)-ৰ ১৬৩ নং ধাৰাৰ অধীনত জাৰি কৰা এই আদেশ অনুসৰি দুপৰীয়া ২ বজাৰ পৰা পুৱা ৯ বজালৈ নিৰ্দিষ্ট অঞ্চলসমূহত জনসাধাৰণৰ প্ৰৱেশ আৰু চলাচল নিষিদ্ধ কৰা হৈছে।

নিষেধাজ্ঞাৰ আওতাত কালিয়াবৰ চাহ বাগিচাৰ ২ নং গাৰ্ডেন, নাগা পথাৰ, ত্ৰিশূলধাৰী মন্দিৰ পথ আৰু শিলঘাট জুট মিল সংযোগী নতুন লোকনিৰ্মাণ বিভাগৰ পথো অন্তৰ্ভুক্ত কৰা হৈছে।

সংবাদ মাধ্যমৰ আগত বন বিভাগৰ বিষয়াই কয়, “বাঘ দুটা যাতে জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। একান্ত প্ৰয়োজন নোহোৱালৈকে এই পথ ব্যৱহাৰ নকৰিবলৈ আৰু সকলোকে সজাগ হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ।”

উল্লেখ্য যে, চৰকাৰী কৰ্তব্যত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলক এই নিষেধাজ্ঞাৰ পৰা অব্যাহতি দিয়া হৈছে। বন বিভাগৰ কৰ্মচাৰীসকলে বাঘ দুটাৰ গতিবিধি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে। বাঘ দুটা কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহি নিকটৱৰ্তী জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰা বুলি সন্দেহ কৰা হৈছে।

স্থানীয় এজন বাসিন্দাৰ মতে, বাঘৰ আক্ৰমণত ইতিমধ্যে এখন গৰু নিহত হৈছে বুলি অভিযোগ উত্থাপিত হৈছে।

প্ৰশাসনে সতৰ্ক কৰি দিছে যে, নিষেধাজ্ঞা উলংঘা কৰা ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা (BNS), ২০২৩-ৰ ২২৩ নং ধাৰা অনুসৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কোনো ঠাইত বাঘ দেখা পালে তৎক্ষণাত বন বিভাগক অৱগত কৰিবলৈও জনসাধাৰণক আহ্বান জনোৱা হৈছে।এই ঘটনাই পুনৰ এবাৰ বনাঞ্চল সংলগ্ন অঞ্চলসমূহত বৃদ্ধি পোৱা মানৱ-বন্যপ্ৰাণী সংঘাতৰ সমস্যাক উজাগৰ কৰি তুলিছে। জনসাধাৰণৰ সুৰক্ষাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ বিষয়টোও সমানে গুৰুত্বসহকাৰে বিবেচনা কৰি আছে প্ৰশাসনে। 

Post a Comment

Previous Post Next Post