ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ ২০২৬ ৱেফাইণ্ডাৰ বঁটা
আজিৰ কণ্ঠ, গুৱাহাটী, ১০ জুনঃ অসমৰ বিশিষ্ট বন্যপ্ৰাণী সংৰক্ষণকৰ্মী Purnima Devi Barman-এ ২০২৬ বৰ্ষৰ সন্মানীয় ‘ৱেফাইণ্ডাৰ এৱাৰ্ড’ লাভ কৰিছে। National Geographic Society-ই প্ৰদান কৰা এই বঁটাৰ বাবে বিশ্বৰ ১৫ গৰাকী বিশিষ্ট ব্যক্তিৰ ভিতৰত তেওঁক নিৰ্বাচিত কৰা হৈছে।
‘হাড়গিলা আৰ্মী’ৰ প্ৰতিষ্ঠাপক ড° বৰ্মনক হাড়গিলা চৰাই সংৰক্ষণত সম্প্ৰদায়ভিত্তিক সফল উদ্যোগৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে। অহা ১৪-১৮ জুনত আমেৰিকাৰ Washington, D.C.-ত অনুষ্ঠিত অনুষ্ঠানত তেওঁক আনুষ্ঠানিকভাৱে সন্মানিত কৰা হ’ব বুলি জানিব পৰা গৈছে ।
আজিৰ কণ্ঠ তৰফৰ পৰা ড° বৰ্মনলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।
Post a Comment