ভুৱা হস্ততাঁত বিভাগৰ বিষয়া ৰূপে পৰিচয় দি ডেৰ কোটিৰো অধিক টকা আত্মসাৎ!
বোকাখাতৰ মহিলাৰ ধন লুণ্ঠনৰ অভিযোগত বিষ্ণুপ্ৰাণ ওৰফে অনুৰাগ গগৈক জেৰা অব্যাহত
বোকাখাতৰ প্ৰতিবেদক ৪ জুন : কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত বিভাগৰ বিষয়া বুলি ভুৱা পৰিচয় দি গ্ৰাম্য মহিলা সকলক প্ৰলোভন দেখুৱাই কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিষ্ণুপ্ৰাণ গগৈ ওৰফে অনুৰাগ গগৈক লৈ বোকাখাতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। টেঙাখাট আৰক্ষীয়ে ২৩ মে'ত অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছত বোকাখাত আৰক্ষীয়েও পুৰণি গোচৰসমূহৰ তদন্ত পুনৰ তীব্ৰ কৰি তুলিছে। ইতিমধ্যে ভুক্তভোগী মহিলাৰ এজাহাৰৰ ভিত্তিত অভিযুক্তক বোকাখাত থানালৈ আনি জেৰা চলাই থকা হৈছে।অভিযোগ অনুসৰি, শিৱসাগৰ জিলাৰ পাণবেচাৰ নিবাসী বিষ্ণুপ্ৰাণ গগৈয়ে "অনুৰাগ গগৈ" নাম ব্যৱহাৰ কৰি নিজকে কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত বিভাগৰ অধীক্ষক হিচাপে পৰিচয় দিছিল। সেই পৰিচয়ৰ সুযোগ লৈ তেওঁ বোকাখাত আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ বহু দৰিদ্ৰ মহিলাক বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা দিয়াৰ প্ৰতিশ্ৰুতি দি বৃহৎ অংকৰ ধন সংগ্ৰহ কৰিছিল।বোকাখাতৰ আমটেঙাত কাৰ্যালয় স্থাপন কৰি তেওঁ "উৱাভাৰ্চ ট্ৰেইনিং এণ্ড প্ৰডাকচন চেন্টাৰ" নামেৰে একাধিক প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি তোলে। কাজিৰঙা, কুৰুৱাবাহী সত্ৰ, খতিয়াখলি আদি অঞ্চলত বৃহৎ অট্টালিকা নিৰ্মাণ কৰি কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত বিভাগৰ ইউনিট বুলি প্ৰচাৰ চলোৱা হৈছিল। পিছত চিনাকাণ, নগঞাপাৰ, সাপজুৰি, বালিজান আৰু ৰজাবাৰীতো নতুন কেন্দ্ৰ স্থাপনৰ নামত ঘৰ-দুৱাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল।প্ৰশিক্ষণ কেন্দ্ৰসমূহত মহিলাসকলক তিনিমহীয়া প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছিল। প্ৰশিক্ষণৰ অন্তত উৎপাদনমূলক কামত জড়িত হোৱা প্ৰতিগৰাকী মহিলাক মাহে ১০ হাজাৰ টকাকৈ পাৰিশ্ৰমিক দিয়াৰ আশ্বাস দিয়া হৈছিল। কিন্তু প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পিছতো কোনো মহিলাই এদিনৰো পাৰিশ্ৰমিক লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে।ভুক্তভোগী কুৰুৱাবাহী সত্ৰৰ ৰীতা শইকীয়া বৰাই জনোৱা মতে, অভিযুক্তই তেওঁৰ পৰাই প্ৰায় ৬ লাখ টকা সংগ্ৰহ কৰিছিল। ইয়াৰ উপৰিও প্ৰশিক্ষণ কেন্দ্ৰলৈ যোৱা পথত মাটি পেলোৱা, কালভাৰ্ট নিৰ্মাণ আদি বিভিন্ন কামৰ বাবে তেওঁ প্ৰায় ১৮ লাখ টকা ব্যয় কৰিছিল। এই সমুদায় ধন পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত অভিযুক্তৰ সৈতে কোনো যোগাযোগ স্থাপন কৰিব পৰা নগ'ল।২০২৪ চনৰ অক্টোবৰ মাহৰ পৰা বিভিন্ন অঞ্চলৰ ভুক্তভোগীয়ে অভিযুক্তক বিচাৰি ফুৰাৰ লগতে ৰাজ্যৰ বিভিন্ন থানাত গোচৰ ৰুজু কৰে। ৰীতা শইকীয়া বৰায়ো অভিযুক্তৰ সন্ধানত বিভিন্ন স্থানত অনুসন্ধান চলাইছিল। টেঙাখাট আৰক্ষীয়ে ডিব্ৰুগড়ৰ এখন গৃহত আত্মগোপন কৰি থকা অৱস্থাত অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰতো তেওঁৰ সহযোগিতা উল্লেখযোগ্য বুলি জানিব পৰা গৈছে।অভিযুক্তৰ গ্ৰেপ্তাৰৰ পিছত বোকাখাতত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ প্ৰৱঞ্চিত মহিলাসকলে সঠিক তদন্তৰ লগতে আত্মসাৎ হোৱা ধন ঘূৰাই পোৱাৰ দাবী উত্থাপন কৰিছে। তেওঁলোকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি ন্যায় বিচাৰিছে।ইফালে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদেও ঘটনাটোক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ আৰু ভুক্তভোগীসকলৰ ধন উদ্ধাৰৰ দাবী জনাইছে।বৰ্তমান এই বৃহৎ প্ৰৱঞ্চনাৰ তদন্ত অব্যাহত আছে। আত্মসাৎ হোৱা ধন ভুক্তভোগীসকলে ঘূৰাই পাব নে নাপায়, সেয়া সময়েহে স্পষ্ট কৰিব।
Post a Comment