আৰ্য নগৰ সংঘৰ্ষ: জাতিগত নহয়, ধন দাবীৰ গোচৰৰ পৰিণতি — গুৱাহাটী আৰক্ষী
আজিৰ কণ্ঠ, গুৱাহাটী, ৮ জুনঃ গুৱাহাটীৰ আৰ্য নগৰত সংঘটিত সংঘৰ্ষক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা উত্তেজনা আৰু প্ৰতিবাদৰ মাজতে গুৱাহাটী আৰক্ষীয়ে স্পষ্ট কৰি কয় যে ঘটনাটোৰ সৈতে কোনো "অসমীয়া-বনাম অনা-অসমীয়া" বিষয় জড়িত নাই। আৰক্ষীৰ তদন্তত এতিয়ালৈকে কোনো জাতিগত দিশ পোৱা হোৱা নাই বুলি জানিবলৈ দিয়ে।
সোমবাৰে সংবাদমেলত গুৱাহাটী পশ্চিম আৰক্ষী জিলাৰ উপ-পুলিশ আয়ুক্ত (DCP) ব’লিন দেউৰীয়ে কয় যে এই ঘটনা মূলতঃ এটা ধন দাবী (Extortion) সম্পৰ্কীয় গোচৰৰ ফলশ্ৰুতি।
আৰক্ষীৰ মতে, ঘটনাৰ সৈতে জড়িত অভিযুক্ত জিতেন্দ্ৰ চলৈ আৰু বিশাল চৌধুৰীৰ বিৰুদ্ধে পূৰ্বৰে পৰা ধন দাবীৰ একাধিক গোচৰ আছে। বিশাল চৌধুৰীৰ নাম বশিষ্ঠ থানাৰ ৩৬৭/২০২৪ নম্বৰ গোচৰত আৰু জিতেন্দ্ৰ চলৈৰ নাম ভৰলুমুখ থানাৰ ১০১৪/২০১৮ নম্বৰ গোচৰত অন্তৰ্ভুক্ত আছে।
ডিচিপি দেউৰীয়ে অভিযোগ কৰে যে অভিযুক্তসকলে নিজৰ অপৰাধৰ পৰা ৰক্ষা পাবলৈ ঘটনাটোক ইচ্ছাকৃতভাৱে "জাতিগত বিষয়" হিচাপে উপস্থাপন কৰাৰ চেষ্টা কৰিছিল। অসমীয়াৰ আবেগ-অনুভূতিক ব্যৱহাৰ কৰি সামাজিক মাধ্যমত ভুৱা বৰ্ণনা প্ৰচাৰ কৰা হৈছিল বুলিও তেওঁ মন্তব্য কৰে।
আৰক্ষীয়ে স্পষ্টভাৱে কয় যে সংঘৰ্ষৰ সময়ত "অসম বিৰোধী" বা "অসমীয়া বিৰোধী" কোনো শ্লোগান দিয়া হৈছিল বুলি এতিয়ালৈকে কোনো প্ৰমাণ পোৱা হোৱা নাই। বিভিন্ন ভিডিঅ' ফুটেজ পৰীক্ষা কৰাৰ লগতে বহু সংগঠনৰ নেতাৰ সৈতে কথা পাতিও তেনে তথ্য লাভ কৰা হোৱা নাই।
ঘটনাত এজন অসমীয়া যুৱক, এজন আৰক্ষী কৰ্মচাৰী আৰু এজন সাংবাদিক আঘাতপ্ৰাপ্ত হৈছিল। অৱশ্যে এই আঘাতসমূহ ভিৰৰ মাজত হোৱা ঠেলাঠেলিৰ ফলত হোৱা হ'ব পাৰে বুলি আৰক্ষীয়ে ধাৰণা প্ৰকাশ কৰিছে।
এতিয়ালৈকে কোনো গ্ৰেপ্তাৰ হোৱা নাই যদিও শীঘ্ৰে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আৰক্ষীয়ে জনায়। বৰ্তমান আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটো আৰক্ষীৰ মূল অগ্ৰাধিকাৰ বুলি ডিচিপি দেউৰীয়ে উল্লেখ কৰে।
উল্লেখ্য যে, দেওবাৰে আৰ্য নগৰত মাদক দ্ৰব্যৰ অবৈধ বেহা-বেপাৰৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিবাদৰ সময়ত উত্তেজনাৰ সৃষ্টি হয়। পিছত ঘটনাক কেন্দ্ৰ কৰি গুৱাহাটীসহ ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদ আৰম্ভ হয় আৰু দোষীক শাস্তি দিয়াৰ দাবী উত্থাপিত হয়।
Post a Comment