খুমটাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অতিৰিক্ত শ্ৰেণী কোঠাৰ শুভ উদ্বোধন
বাবুল গগৈৰ প্ৰতিবেদন খুমটাই ৪ জুন :
গোলাঘাট জিলাৰ খুমটাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি নতুনকৈ নিৰ্মাণ কৰা অতিৰিক্ত এটি শ্ৰেণীৰ কোঠাৰ দ্বাৰ শুভ উদ্বোধন কৰা হয়। অসম চৰকাৰৰ সমগ্ৰ শিক্ষা গোলাঘাটৰ পৰা অনুদান লাভ কৰা মুঠ ৩৭ ,৯৪ লাখ টকাৰ ২০২৫/২৬ বৰ্ষৰ প্ৰথম কিস্তিৰ ৩০. ৩৫২ লাখ টকাৰে নিৰ্মাণ কৰা বিদ্যালয়খনৰ নব নিৰ্মাণ শ্ৰেণী কোঠাৰ দ্বাৰ আজি শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক মৃণাল শইকীয়াই। বিদ্যালয়খনৰ অধ্যক্ষ মৃণাল বৰুৱাই উদেশ্য ব্যাখা কৰা আৰু শিক্ষক জ্যোতিপ্ৰসাদ গগৈয়ে আত ধৰা শুভ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ নগেন গগৈ, ৰাজীৱ গগৈ, প্ৰাক্তন অধ্যক্ষা হিৰণ্যময়ী গগৈ ,গোলাঘাট কেন্দ্ৰীয় খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ফৰিদা বেগম, বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভানেত্ৰী লাৱণ্য গগৈ, অভিভাৱক সমিতিৰ সভাপতি গিৰিশ গগৈ উপস্থিত থাকে। বিদ্যালয়খনৰ নৱনিৰ্মিত শ্ৰেণী কোঠাৰ দ্বাৰ ৰঙা ফিটা কাটি উদ্বোধন কৰা পিছত বিধায়ক গৰাকীয়ে শ্ৰেণী কোঠাত শিক্ষকৰ ৰূপত অৱতীৰ্ণ হয় আৰু শিক্ষাৰ্থীৰে শৈক্ষিক মত বিনিময়ত অংশগ্ৰহণ কৰে। বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী , অভিভাৱকৰ লগতে শিক্ষাৰ্থী সকল উপস্থিত থকা অনুষ্ঠানত নিমন্ত্ৰিত বিশিষ্ট ব্যক্তি সকলে ছাত্ৰ ছাত্ৰী সকলৰ উপকাৰ হোৱা বিভিন্ন দিশৰ ওপৰত বক্তব্য প্ৰদান কৰে।
Post a Comment