খুমটাইত ত্ৰিকোণীয়া নিৰ্বাচনী যুঁজ নিশ্চিত: মৃণাল–ৰ’জলীনা–অমিতৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা
চাহ বাগিচা আৰু মহিলা ভোটাৰ ‘কিংমেকাৰ’; আঁচনিৰ সুবিধা আৰু অসন্তুষ্টিয়ে নিৰ্ধাৰণ কৰিব ফলাফল:
প্ৰতিবেদক ,খুমটাই, ২ এপ্ৰিলঃ
১০৬ নং খুমটাই বিধানসভা সমষ্টিত ২০২৬ চনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক উত্তাপ চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। এইবাৰ সমষ্টিটোত ত্ৰিকোণীয়া প্ৰতিদ্বন্দিতা স্পষ্ট হৈ পৰিছে। বিজেপি মিত্ৰযোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়া, কংগ্ৰেছৰ ৰ’জলীনা তিৰ্কি আৰু জয় ভাৰত পাৰ্টিৰ অমিত নাগ এই তিনিগৰাকী প্ৰাৰ্থীৰ মাজতেই মূল ৰাজনৈতিক যুঁজ কেন্দ্ৰীভূত হৈছে।
বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়াই প্ৰচাৰৰ ক্ষেত্ৰত এক ব্যতিক্ৰমী পন্থা গ্ৰহণ কৰিছে। সভা-সমিতিৰ পৰিবৰ্তে চাইকেলযোগে গাঁওে গাঁওে গৈ তেওঁ ৰাইজৰ সৈতে পোনপটীয়া যোগাযোগ স্থাপন কৰিছে। “মই ভাষণ দিব লাগিব নে? মই কিয় আহিছোঁ ৰাইজে ভালকৈ জানে”—এই সৰল বাৰ্তাৰে তেওঁ ভোটাৰৰ আস্থা লাভৰ চেষ্টা কৰিছে। ইয়াৰ উপৰিও ব’হাগ বিহুৰ পাছত নিজৰ ঘৰলৈ ৰাইজক নিমন্ত্ৰণ জনোৱাটোৱে এক আত্মীয়তাপূৰ্ণ ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰিছে।
আনহাতে কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কিয়েও চাহ বাগিচা অঞ্চলৰ লগতে গ্ৰামাঞ্চলত ব্যাপক জনসংযোগ অব্যাহত ৰাখিছে। বিশেষকৈ চাহ জনগোষ্ঠীৰ মাজত সমৰ্থন সংগ্ৰহত তেওঁ অধিক গুৰুত্ব আৰোপ কৰিছে। ইফালে জয় ভাৰত পাৰ্টিৰ প্ৰাৰ্থী অমিত নাগেও ঝাৰখণ্ড মুক্তি মৰ্চাৰ সমৰ্থনত চাহ বাগিছা অঞ্চলসমূহত তীব্ৰ প্ৰচাৰ চলাইছে।এইবাৰৰ নিৰ্বাচনত চাহ বাগিচা ভোটাৰসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হ’ব বুলি ধাৰণা কৰা হৈছে। তাৰ লগতে মহিলা ভোটাৰেও ফলাফল নিৰ্ধাৰণত মুখ্য ভূমিকা ল’ব। শেহতীয়া পৰিসংখ্যা অনুসৰি, সমষ্টিটোত পুৰুষ ভোটাৰৰ সংখ্যা ৮৪,২৯৯ গৰাকী, যাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ৮৪,৬৬৬ গৰাকী—অর্থাৎ ৩৬৭ গৰাকী অধিক মহিলা ভোটাৰ। ইয়াৰ উপৰিও ৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰে সমষ্টিটোৰ অন্তৰ্ভুক্তিমূলক সামাজিক চিত্ৰ দাঙি ধৰিছে।
চৰকাৰী আঁচনিসমূহো এইবাৰ নিৰ্বাচনৰ এক গুৰুত্বপূৰ্ণ ইচ্যু হিচাপে উত্থাপিত হৈছে। ‘মহিলা উদ্যমিতা আঁচনি’ৰ অধীনত প্ৰায় ৩০,৯৫৭ গৰাকী মহিলাই ১০ হাজাৰ টকাৰ সহায় লাভ কৰিছে, আনহাতে ‘অৰুণোদয়’ আঁচনিৰ সুবিধা পাইছে প্ৰায় ৩২ হাজাৰ মহিলাই। যদিও বহু মহিলাই এই সুবিধা লাভ কৰিছে, তথাপিও একাংশ উপভোক্তাই আঁচনিৰ পৰা বঞ্চিত থকাৰ অভিযোগ তুলি অসন্তুষ্টি প্ৰকাশ কৰিছে। এই সন্তুষ্টি আৰু অসন্তুষ্টিৰ মিশ্ৰ প্ৰতিক্ৰিয়াই নিৰ্বাচনী ফলাফলত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে।সমষ্টিটোৰ জনগাঁথনি লক্ষ্য কৰিলে আহোম, চুতীয়া আৰু চাহ জনগোষ্ঠীৰ ভোটাৰৰ উপস্থিতি যথেষ্ট লক্ষণীয়। সেয়েহে সামাজিক আৰু জাতিগত সমীকৰণেও এইবাৰৰ নিৰ্বাচনক অধিক প্ৰতিদ্বন্দিতাপূৰ্ণ কৰি তুলিছে। ইফালে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে গৌৰৱ গগৈৰ নাম উত্থাপিত হোৱাৰ পিছত নতুন প্ৰজন্মৰ একাংশ ভোটাৰ কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছে, যিয়ে নিৰ্বাচনী সমীকৰণত নতুন মাত্ৰা যোগ কৰিছে। চাহ বাগিচা ভোটাৰ, মহিলা ভোটাৰ, চৰকাৰী আঁচনিৰ প্ৰভাৱ আৰু নতুন প্ৰজন্মৰ মানসিকতা এই সকলোবোৰ উপাদানে মিলি খুমটাই সমষ্টিৰ ২০২৬ বিধানসভা নিৰ্বাচনক এক তীব্ৰ, জটিল আৰু ৰোমাঞ্চকৰ ত্ৰিকোণীয়া প্ৰতিদ্বন্দিতালৈ ৰূপান্তৰিত কৰিছে। এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে ‘নিৰৱ ভোটাৰ’-ৰ সিদ্ধান্তৰ ওপৰত, যিয়ে শেষত নিৰ্ধাৰণ কৰিব জয়-পৰাজয়ৰ চূড়ান্ত সমীকৰণ।
Post a Comment