নুমলীগড়ৰ মৰঙিত প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ ধ্বংসস্তূপত পৰিণত বহু গৃহ, হাহাকাৰ পৰিৱেশ

 

নুমলীগড়ৰ মৰঙিত প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ
ধ্বংসস্তূপত পৰিণত বহু গৃহ, হাহাকাৰ পৰিৱেশ

■ নুমলীগড়, প্ৰতিবেদক, ২ এপ্ৰিল:
বুধবাৰে নিশা নুমলীগড়ৰ পাৰ্শ্বৱৰ্তী মৰঙি মৌজাৰ ভিন্ন প্ৰান্তত প্ৰকৃতিৰ সংহাৰী ৰূপে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয়। নিশা অহা প্ৰচণ্ড ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ ফলত মৰঙি ৰাজহ চক্ৰৰ অন্তৰ্গত বিস্তৃত এলেকাত বিস্তৰ ক্ষয়-ক্ষতি সংঘটিত হয়। বিশেষকৈ আমলঙচাঙ, কাঠনি, পোৰাজংঘল, কেন্দুগুৰি, মিঠাআম চাপৰি, মৰঙি আৰু বকিয়াল জেকচন আদি অঞ্চলত ধুমুহাই ব্যাপক ধ্বংসলীলা চলায়। প্ৰচণ্ড বতাহে বহু লোকৰ ঘৰ-দুৱাৰ উৰুৱাই নিয়াৰ লগতে বৃহৎ গছ-গছনি আৰু বিদ্যুতৰ খুঁটা উভালি পেলোৱাত সমগ্ৰ অঞ্চলটোত এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰে।এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত বহু পৰিয়ালে নিশাটো অনিদ্ৰা আৰু অনাহাৰে মুকলি আকাশৰ তলত অতিবাহিত কৰিবলগীয়া হয়। ইফালে, গ্ৰাম্য পথসমূহত বৃহৎ গছ বাগৰি পৰাৰ ফলত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে যদিও পুৱাৰে পৰা স্থানীয় ৰাইজে নিজা উদ্যোগত পথসমূহ মুকলি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।



উল্লেখ্য যে, বিদ্যুতৰ খুঁটা বগৰাই পেলোৱাৰ ফলত সমগ্ৰ অঞ্চলটো বিদ্যুৎ সংযোগৰ পৰাও সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে, যাৰ ফলত সাধাৰণ জনজীৱন অতিশয় ব্যাহত হৈছে।

ইফালে, ক্ষতিগ্ৰস্ত ৰাইজে চৰকাৰ আৰু স্থানীয় জিলা প্ৰশাসনক শীঘ্ৰে দুৰ্গত অঞ্চল পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ সঠিক মূল্যায়ন কৰাৰ লগতে উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ বাবে জোৰ দাবী জনাইছে। প্ৰকৃতিৰ এই তাণ্ডৱে জুৰুলা কৰা পৰিয়ালসমূহক অতি সোনকালে সাহায্য আগবঢ়োৱা নহ’লে পৰিস্থিতিৰ অধিক অৱনতি হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।



Post a Comment

Previous Post Next Post