কুৰুৱাবাহীত বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে কৃষক-ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ ৰাইজক

কুৰুৱাবাহীত যমৰ যাতনা :
বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে কৃষক-ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ ৰাইজক
দীৰ্ঘদিনে কানসাৰ নাই জনপ্ৰতিনিধিৰ

বোকাখাতৰ পৰা পল্লৱ হাজৰিকা ২ এপ্ৰিল:
 ​বোকাখাত সমজিলাৰ অন্তৰ্গত কুৰুৱাবাহী অঞ্চলৰ এক গুৰুত্বপূৰ্ণ পথে বৰ্তমান অঞ্চলবাসীক যমৰ যাতনা ভোগাইছে। বিশেষকৈ ঐতিহাসিক "নিকৰিঘাট"ক যোগনীয়া গাঁৱৰ মাজেৰে সংযোগ কৰা এই পথটোৰ জৰাজীৰ্ণ অৱস্থাই এতিয়া সমগ্ৰ অঞ্চলটোৰ যাতায়ত ব্যৱস্থা বিপৰ্যস্ত কৰি তুলিছে। উল্লেখ্য যে, এই পথটো কেৱল যাতায়তৰ মাধ্যমেই নহয়, ই ধনশিৰিপৰীয়া এক বৃহৎ অঞ্চলৰ অৰ্থনীতিৰ লাইখুটা স্বৰূপ। 

এই পথেদিয়েই অঞ্চলটোৰ কৃষি আৰু দুগ্ধজাত সামগ্ৰীসমূহ গোলাঘাট জিলাৰ লগতে অসমৰ বিভিন্ন ব্যৱসায়ীক কেন্দ্ৰলৈ সৰবৰাহ কৰা হয়। চলিত বৰ্ষত চহলা, যোগনীয়া আৰু নিকৰি অঞ্চলত ৰবি শস্যৰ ব্যাপক উৎপাদন হৈছে যদিও পথৰ শোচনীয় অৱস্থাৰ বাবে কৃষকসকলে উৎপাদিত ফচল সময়মতে বজাৰলৈ উলিয়াই নিয়াত ভীষণ সমস্যাৰ সন্মুখীন হ'ব লগীয়া হৈছে।

একেদৰে, উচ্চ শিক্ষাৰ বাবে এই পথটোৰে যাতায়াত কৰা ছাত্ৰ-ছাত্ৰীসকলো নিতৌ যমৰ যাতনাৰ সন্মুখীন হ'বলগীয়া হৈছে। ​পথটোৰ মাজত সৃষ্টি হোৱা দ-দ গাঁতবোৰৰ বাবে বৰ্তমান যাতায়ত প্ৰায় স্তব্ধ হৈ পৰিছে। স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি লোক নিৰ্মাণ বিভাগ আৰু জনপ্ৰতিনিধিক পথটো মেৰামতিৰ বাবে অনুৰোধ জনাই আহিছে যদিও কোনো ফল ধৰা নাই। অভিযোগ উঠিছে যে প্ৰধান মন্ত্ৰী গ্ৰাম চৰক যোজনাৰ নীতি-নিৰ্দেশনা উলংঘা কৰি একাংশ ডাম্পাৰ আৰু গধুৰ যানবাহনে এই পথেৰে চলাচল কৰাৰ ফলতেই পথটো অধিক বিধ্বস্ত হৈ পৰিছে। 

বাৰিষা কাল সমাগত, তেনেস্থলত বাৰিষাৰ পূৰ্বেই যদি পথটো উপযুক্তভাৱে মেৰামতি কৰা নহয়, তেন্তে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। সেয়েহে, জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষই কুম্ভকৰ্ণ নিদ্ৰা পৰিত্যাগ কৰি অতি সোনকালে পথটো মেৰামতি কৰিবলৈ স্থানীয় ৰাইজে তীব্ৰ দাবী উত্থাপন কৰিছে।

Post a Comment

Previous Post Next Post