গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক সাক্ষাৎ যুৱ-ছাত্ৰ পৰিষদৰ: অধীক্ষকক অভিনন্দন জ্ঞাপন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যুৱ-ছাত্ৰ পৰিষদৰ সাক্ষাৎ, অধীক্ষকক অভিনন্দন
 ডা: দেৱজিৎ চৌধুৰীৰ সৈতে চিকিৎসা ব্যৱস্থা উন্নয়ন লৈ আলোচনা
গুৱাহাটী, ২৬ মাৰ্চ: আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক (Superintendent) ডা: দেৱজিৎ চৌধুৰীৰ সৈতে যুৱ-ছাত্ৰ পৰিষদৰ এটা প্ৰতিনিধি দলে সাক্ষাৎ কৰে। এই সাক্ষাৎকালত পৰিষদৰ তৰফৰ পৰা তেখেতক আন্তৰিক অভিনন্দন জনোৱা হয়।
সাক্ষাৎকালত চিকিৎসা সেৱাৰ বিভিন্ন দিশ, ৰোগীসকলৰ সুবিধা আৰু স্বাস্থ্য ব্যৱস্থাৰ উন্নয়ন সম্পৰ্কে গঠনমূলক আলোচনা কৰা হয়। অধীক্ষক ডা: চৌধুৰীয়ে পৰিষদৰ প্ৰতিনিধিসকলৰ মতামত মনোযোগে শুনি সহযোগিতাৰ আশ্বাস প্ৰদান কৰে।
যুৱ-ছাত্ৰ পৰিষদে তেখেতৰ সদ্ভাৱপূৰ্ণ ব্যৱহাৰ আৰু সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

Post a Comment

Previous Post Next Post