কমাৰগাঁৱত অতুল বৰাৰ নেতৃত্বত অগপ-বিজেপিৰ বিস্তৃত আলোচনা:

বোকাখাতত নীতিন নবীনক আদৰণি জনাবলৈ ব্যাপক প্ৰস্তুতি

কমাৰগাঁৱত অতুল বৰাৰ নেতৃত্বত অগপ-বিজেপিৰ বিস্তৃত আলোচনা; ৩০ মাৰ্চত বৃহৎ সমাবেশৰ লক্ষ্য
মহেশ্বৰ ৰবিদাস ,কমাৰগাঁও, ২৬ মাৰ্চ:
অসম বিধানসভা নিৰ্বাচন ২০২৬ চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি ৰাজনৈতিক তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। এই পৰিপ্ৰেক্ষিতত বোকাখাত সমষ্টিৰ অন্তৰ্গত কমাৰগাঁৱৰ বৰদিহিঙীয়া নাট্য মন্দিৰত আজি অগপ-বিজেপিৰ এখন গুৰুত্বপূর্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়।

অগপৰ সভাপতি অতুল বৰাৰ নেতৃত্বত অনুষ্ঠিত সভাখনত ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন অহা ৩০ মাৰ্চত বোকাখাত সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অগপৰ সভাপতি অতুল বৰাৰ সমৰ্থনত অনুষ্ঠিত হ’বলগীয়া এক বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব।

আজি অনুষ্ঠিত সভাখনত ছট্টিশগড়ৰ বিত্ত মন্ত্ৰী অ’পি চৌধুৰীয়ে বিশেষভাৱে অংশগ্ৰহণ কৰি সমষ্টিৰ অন্তৰ্গত ২১২টা ভোটকেন্দ্ৰৰ প্ৰতিটোৰ পৰা কমেও ২০০জনকৈ লোক উপস্থিত কৰাৰ আহ্বান জনায়। তেখেতে কয় যে বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলৰ কমবয়সীয়া সভাপতি নীতিন নবীনক আদৰণি জনাবলৈ প্ৰায় ৪০-৪৫ হাজাৰ লোকৰ এক বৃহৎ সমাবেশ গঢ়ি তোলা উচিত।

এই লক্ষ্য আগত ৰাখি কমাৰগাঁৱৰ বৰদিহিঙীয়া নাট্য মন্দিৰত ১০খন গাঁও পঞ্চায়তৰ অন্তৰ্গত অগপ, বিজেপি আৰু গণ শক্তি দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ উপস্থিতিত এখন মাণ্ডলিক সভা অনুষ্ঠিত হয়। সভাখন আৰম্ভ কৰে বিজেপিৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক বেদব্ৰত বৰাই।

সভাত উপস্থিত থাকে বিজেপিৰ কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰভাৰী সন্তোষ ওঝা, গোলাঘাট জিলা বিজেপিৰ সভাপতি চন্দ্ৰ জ্যোতি ঠাকুৰ, অগপৰ জিলা সভাপতি ড° নৃপেন বৰুৱা আৰু বোকাখাত সমষ্টিৰ অগপ সভাপতি জগত চন্দ্ৰ কলৰ লগতে বহু সংখ্যক কৰ্মী।

সভাত আগন্তুক নিৰ্বাচনী সভা সফল কৰাৰ বাবে ব্যাপক প্ৰস্তুতি গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

Post a Comment

Previous Post Next Post