এন আৰ এল নিপেৰ গুৱাহাটী মাজত গৱেষণা সহযোগিতাৰ চুক্তি স্বাক্ষৰ
পেট্ৰ’লিয়াম আৰু বায়’মাছৰ পৰা API উৎপাদনত নতুন পথ বিকাশৰ লক্ষ্য
নুমলীগড়ৰ প্ৰতিবেদক, ২৭ মাৰ্চঃ
Numaligarh Refinery Limited (এন আৰ এল) আৰু National Institute of Pharmaceutical Education and Research Guwahati (নিপেৰ-গুৱাহাটী)ৰ মাজত গৱেষণা সহযোগিতাৰ উদ্দেশ্যে এটা গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি (MoA) স্বাক্ষৰ কৰা হয়।
এই চুক্তিৰ জৰিয়তে পেট্ৰ’লিয়াম আৰু বায়’মাছৰ পৰা আহৰণ কৰা পদাৰ্থ ব্যৱহাৰ কৰি এক্টিভ ফাৰ্মাচিউটিকেল ইংগ্ৰেডিয়েণ্টছ (API) উৎপাদনৰ বাবে নতুন পথ আৰু প্ৰযুক্তি বিকাশ কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।
MoAত স্বাক্ষৰ কৰে এন আৰ এলৰ জেনেৰেল মেনেজাৰ (টেকনিকেল চাৰ্ভিছেছ) ৰূপম কুমাৰ শৰ্মা আৰু নিপেৰ-গুৱাহাটীৰ সঞ্চালক প্ৰফেছৰ (ড°) ইউ. এছ. এন. মূৰ্তিয়ে। অনুষ্ঠানটোত এন আৰ এলৰ ব্যৱস্থাপনা নিৰ্দেশকসহ দুয়োটা সংস্থাৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
এই সহযোগিতাৰ মূল লক্ষ্য হৈছে এন আৰ এলৰ ৰিফাইনিং আৰু বায়’ৰিফাইনাৰী ক্ষেত্ৰৰ অভিজ্ঞতা আৰু নিপেৰ-গুৱাহাটীৰ ঔষধ গৱেষণাৰ দক্ষতাক একেলগ কৰি হাইড্ৰ’কাৰ্বন আৰু নবীকৰণযোগ্য ফিডষ্টকৰ পৰা মূল্য সংযোজিত সামগ্ৰী বিকাশ কৰা।
এই উদ্যোগটোৱে টেকসই প্ৰযুক্তি উন্নয়ন, দেশীয় API উৎপাদন ক্ষমতা বৃদ্ধি আৰু উদ্যোগ–শিক্ষা প্ৰতিষ্ঠানৰ মাজত সহযোগিতা অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
Post a Comment