বান্দৰ আৰু বনৰীয়া হাতীৰ উপদ্ৰৱত ছন পৰি ৰৈছে ৰবি শস্যৰ পথাৰ
গোলাঘাট বোকাখাতত কৃষক অতীষ্ঠ, নিৰ্বাচনৰ পূৰ্বে সমস্যাৰ সমাধান দাবী
বোকাখাতৰ পৰা বুবুল দত্তৰ প্ৰতিবেদক ২৭ মাৰ্চ:
বনৰীয়া হাতী আৰু বান্দৰৰ বঢ়ি অহা উপদ্ৰৱে গোলাঘাট জিলাৰ লগতে বোকাখাত সমষ্টিৰ বিভিন্ন অঞ্চলত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। গোলাাঘা জিলাৰ মৰঙি আৰু নুমলীগড়ত বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে বিস্তৃত এলেকাত ৰবি শস্যৰ পথাৰ ছন পৰি ৰৈছে। ইফালে বোকাখাত সমষ্টিৰ বিভিন্ন প্ৰান্তত বান্দৰৰ উপদ্ৰৱে গৃহস্থ আৰু কৃষক সকলক অতীষ্ঠ কৰি তুলিছে। বৃহৎ পৰিসৰত শাক-পাচলি খেতি নষ্ট হোৱাৰ লগতে বহু কৃষকে বাৰী কৰা এৰি দিবলৈ বাধ্য হৈছে। বান্দৰে পুলিতেই শাক-পাচলিৰ গছ উভালি পেলোৱাৰ অভিযোগ উঠিছে।
স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি, বান্দৰে কেৱল পথাৰেই নহয়, ঘৰৰ ভিতৰতো উপদ্ৰৱ চলাইছে। ভঁৰালত সংৰক্ষিত ধান, খাদ্য সামগ্ৰী, লগতে বাচন-বৰ্তন আৰু টিভি আদি বৈদ্যুতিক সামগ্ৰী ভাঙি নষ্ট কৰাৰ ঘটনাও সংঘটিত হৈছে। ৰ'দত মেলি থোৱা কাপোৰ লৈ গৈ বাঁহৰ আগত থোৱা ঘটনাও প্ৰায়ে দেখা যায়। দিনত বাদেই, ৰাতিৰ ভাগতো ঘৰৰ চালত বগাই ফুৰা বান্দৰে স্থানীয় লোকক আতংকিত কৰি ৰাখিছে। বহু লোক বান্দৰৰ আক্ৰমণত আহত হোৱা বুলি জানিব পৰা গৈছে। আনকি, বান্দৰ ঘৰত সোমালেই গৃহিণী মহিলাসকলে আত্মৰক্ষাৰ বাবে ঘৰৰ বাহিৰলৈ ওলাই যাবলগীয়া হোৱা পৰিস্থিতি সৃষ্টি হৈছে।
এই গুৰুতৰ সমস্যাৰ মাজতে আগন্তুক নিৰ্বাচনক লৈও জনসাধাৰণৰ মাজত প্ৰশ্ন উত্থাপন হৈছে। বোকাখাত সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলে এই বান্দৰ আৰু হাতীৰ উপদ্ৰৱৰ বিষয়ত স্পষ্ট স্থিতি গ্ৰহণ কৰি সমাধানৰ ব্যৱস্থা ল’ব লাগিব বুলি স্থানীয় ৰাইজে দাবী জনাইছে।
Post a Comment