গছপুলি ৰোপণৰ বাৰ্তা লৈ দক্ষিণ-পূব এছিয়ালৈ চাইকেলেৰে যাত্ৰা কৰিব গোলাঘাটৰ ৰূপম গগৈয়ে
খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ৰূপক উপহাৰ দিলে এখন উন্নতমানৰ চাইকেল
আজিৰ কণ্ঠ, খুমটাইৰ প্ৰতিবেদক , ১১ আগষ্ট: গোলাঘাট জিলাৰ গমাৰিগুৰি গাঁৱৰ যুৱ চাইকেল অভিযাত্ৰী ৰূপম গগৈয়ে পৰিৱেশ সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে #PlantATree অভিযানৰ বাৰ্তা কঢ়িয়াই পুনৰ এক আন্তঃৰাষ্ট্ৰীয় চাইকেল যাত্ৰাৰ বাবে সাজু হৈছে।
ইতিমধ্যে ৰূপম গগৈয়ে নেপাল, ভাৰতৰ লাডাখ আৰু শ্ৰীলংকাৰ কলম্বোলৈ সফলভাৱে চাইকেল অভিযান সম্পূৰ্ণ কৰি সুনাম অৰ্জন কৰিছে। এইবাৰ অহা ২৫ আগষ্টৰ পৰা তেওঁ লাউচ, ভিয়েটনাম, কম্বোডিয়া, মালয়েছিয়া, থাইলেণ্ড আৰু ছিংগাপুৰলৈ এক নতুন আন্তঃৰাষ্ট্ৰীয় চাইকেল যাত্ৰা আৰম্ভ কৰিব।
এই বিশেষ অভিযানৰ প্ৰতি উৎসাহ আৰু সমৰ্থন জনাই আজি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ৰূপম গগৈক এখন নতুন চাইকেল উপহাৰ দিয়ে। এই উপলক্ষে বিধায়কগৰাকীয়ে ৰূপমৰ আগন্তুক অভিযানৰ সৰ্বাংগীন সফলতা কামনা কৰাৰ লগতে তেওঁৰ শুভ যাত্ৰাৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
উল্লেখ্য যে, পৰিৱেশ সুৰক্ষা আৰু গছপুলি ৰোপণৰ গুৰুত্ব সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে ৰূপম গগৈয়ে এই চাইকেল অভিযানসমূহ অব্যাহত ৰাখিছে। তেওঁৰ এই ব্যতিক্ৰমী পদক্ষেপে অসমৰ লগতে দেশ-বিদেশতো ইতিবাচক সঁহাৰি লাভ কৰিছে।
Post a Comment