যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত দীনমাই বৰুৱা সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান

যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন
আজিৰ কণ্ঠ, যোৰহাটৰ প্ৰতিবেদক ,১১ জুলাইঃ যোৰহাট ব্রিলিয়েণ্ট একাডেমীৰ সৌজন্যত আৰু পণ্ডিত লক্ষেশ্বৰ বৰুৱা স্মৃতি ন্যাসৰ তত্বাৱধানত আজি যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰয়াত সৰবৰাহী মহিলা দীনমাই বৰুৱা সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠান গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয়।
প্ৰয়াত দীনমাই বৰুৱাৰ স্মৃতি অক্ষুণ্ণ ৰাখি শিক্ষাৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে প্ৰতি বছৰে এই সন্মানীয় শৈক্ষিক বঁটা আগবঢ়াই আহিছে তেওঁৰ পুত্ৰ বিপ্লৱ বৰুৱা, বোৱাৰী মিনাক্ষী বৰুৱা আৰু নাতিনী পিংকিপূৰ্ণিমা বৰুৱাই।
এইবছৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কৃতিত্বৰ পৰিচয় দিয়া ব্রিলিয়েণ্ট একাডেমীৰ মেধাৱী ছাত্ৰী প্ৰিয়াক্ষী শইকীয়াক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শৈক্ষিক বঁটা প্ৰদান কৰা হয়। বঁটাৰ সৈতে নগদ ধন, অভিনন্দন পত্ৰ, গ্ৰন্থৰ টোপোলা, অসমীয়াৰ স্বাভিমানৰ প্ৰতীক চেলেং চাদৰ আৰু ফুলাম গামোচা প্ৰদান কৰা হয়।
অনুষ্ঠানত ব্রিলিয়েণ্ট একাডেমীৰ প্ৰায় আঠ শতাধিক শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকি অনুষ্ঠানৰ গাম্ভীৰ্য বৃদ্ধি কৰে। শিক্ষাৰ উৎকৰ্ষ সাধন আৰু মেধাৰ সন্মানৰ বাবে আয়োজন কৰা এই অনুষ্ঠানটোৱে উপস্থিত সকলোকে অনুপ্ৰাণিত কৰাৰ লগতে এক সুকীয়া শিক্ষামূলক পৰিৱেশৰ সৃষ্টি কৰে।

Post a Comment

Previous Post Next Post