নুমলীগড়ত পথ দুৰ্ঘটনাত নৱম শ্ৰেণীৰ ছাত্ৰৰ কৰুণ মৃত্যু
আজিৰ কণ্ঠ, নুমলীগড় , ১৫ জুন: নুমলীগড়ত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন নৱম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। মৃত ছাত্ৰজন নুমলীগড় চাহ বাগিচাৰ ২১ নং লাইনৰ নিবাসী অনিল তাঁতী আৰু কনকলতা তাঁতীৰ পুত্ৰ তথা নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ কৌস্তভ তাঁতী। উল্লেখ্য যে যোৱা নিশা প্ৰায় ৮:৩০ বজাত নুমলীগড় বাবাথানৰ সমীপত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো অচিনাকি বাহনে কৌস্তভক খুন্দিয়াই পলাই যায়। পিছত স্থানীয় কেইবাজনো যুৱকে ৰাস্তাৰ কাষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত পৰি থকা ছাত্ৰজনক প্ৰত্যক্ষ কৰি ১০৮ মৃত্যুঞ্জয় সেৱাৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসাধীন অৱস্থাত আজি পুৱা তেওঁৰ মৃত্যু হয়।এই অকাল মৃত্যুৱে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলক শোকস্তব্ধ কৰি তুলিছে। বিদ্যালয়খনতো গভীৰ শোকৰ পৰিৱেশ বিৰাজ কৰে। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি মৃত ছাত্ৰজনৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
Post a Comment