বনগাঁও গাড়ীগাঁৱত গেছ চিলিণ্ডাৰৰ পৰা গেছ নিৰ্গত হৈ অগ্নিকাণ্ড, ভস্মীভূত পাকঘৰ
আজিৰ কণ্ঠ, বনগাঁও,১৫ জুন : গোলাঘাট জিলাৰ খুমটাই ৰাজহ চক্ৰ অন্তৰ্গত বনগাঁও গাড়ীগাঁৱত দেওবাৰে নিশা সংঘটিত এক অগ্নিকাণ্ডত এটা পাকঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে বহু মূল্যৱান আচবাবপত্ৰ জ্বলি চাৰখাৰ হয়। ঘটনাটোত ঘৰৰ গৰাকী গোলাপ হাজৰিকা সামান্যভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। উল্লেখ যে বাদুলিপাৰস্থিত গেছ এজেঞ্চীৰ পৰা নতুনকৈ অনা এটা এলপিজি চিলিণ্ডাৰ সংযোগ কৰি আহাৰ প্ৰস্তুতৰ কাম আৰম্ভ কৰাৰ সময়তে চিলিণ্ডাৰটোৰ পৰা গেছ নিৰ্গত হ’বলৈ ধৰে। কিছু সময়ৰ পিছতে হঠাৎ জুইৰ সূত্ৰপাত ঘটে আৰু মুহূৰ্ততে পাকঘৰটোক আগুৰি ধৰে।
ঘটনাৰ সময়ত চিলিণ্ডাৰটো ভাল কৰিবলৈ যোৱা গোলাপ হাজৰিকাই কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও জুই নুমুৱাবলৈ চেষ্টা কৰোঁতে সামান্য আঘাতপ্ৰাপ্ত হয়। অগ্নিকাণ্ডত পাকঘৰটোৰ লগতে ভিতৰত থকা বিভিন্ন আচবাবপত্ৰ আৰু অত্যাৱশ্যকীয় সামগ্ৰী সম্পূৰ্ণৰূপে নষ্ট হয়। স্থানীয় ৰাইজে তৎপৰতাৰে আগবাঢ়ি আহি জুই নিয়ন্ত্ৰণলৈ আনে, ফলত জুই আন অংশলৈ বিয়পি যোৱাৰ পৰা ৰক্ষা পৰে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। নতুনকৈ যোগান ধৰা চিলিণ্ডাৰটোৰ পৰা গেছ নিৰ্গত হোৱাৰ অভিযোগ উত্থাপন হোৱাত বিষয়টোৰ সঠিক তদন্তৰ দাবী জনাইছে স্থানীয় লোকে।
Post a Comment