লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ বেদখলকাৰীক ৩০ দিনৰ সময়সীমা: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ বেদখলকাৰীক ৩০ দিনৰ সময়সীমা: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

আজিৰ কণ্ঠ, নিউজ ডেক্স ১০ জুনঃ নগাঁও জিলাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা বেদখলকাৰীসকলক নিজৰ সামগ্ৰী আঁতৰাই বিকল্প ব্যৱস্থা গ্ৰহণৰ বাবে ৩০ দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ন্যায়াধীশ দেৱাশীষ বৰুৱাৰ একক বিচাৰপীঠে স্পষ্ট কৰি কয় যে নিৰ্ধাৰিত ৩০ দিনৰ ভিতৰত বেদখলকাৰীসকলে স্থান ত্যাগ নকৰিলে জিলা প্ৰশাসনে তেওঁলোকক উচ্ছেদ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। একে সময়তে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL)-কো ৩০ দিনৰ পাছত সংশ্লিষ্ট অঞ্চলৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ নিৰ্দেশ দিয়া হৈছে।আদালতে ৰায়ত উল্লেখ কৰে যে বিদ্যালয়, চিকিৎসালয়, অংগনৱাড়ী কেন্দ্ৰ, ন্যায্যমূল্যৰ দোকান, বিদ্যুৎ আৰু দূৰসংযোগ লাইন, পথ বা সামূহিক কেন্দ্ৰ আদি স্থাপনৰ বাবে সংৰক্ষিত বনাঞ্চলৰ ভূমি ব্যৱহাৰ কৰা কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন অবিহনে আইনসন্মত নহয়।বনাঞ্চলত বসবাসৰ অধিকাৰ দাবী কৰি একাংশ বাসিন্দাই দাখিল কৰা আবেদনৰ শুনানি চলাকালীন আদালতে কয় যে আবেদনকাৰীসকলে ‘অনুসূচিত জনজাতি আৰু অন্যান্য পৰম্পৰাগত বনবাসী (বন অধিকাৰ স্বীকৃতি) আইন, ২০০৬’ অনুসৰি নিজৰ অধিকাৰ প্ৰমাণ কৰিব পৰা নাই। আধাৰ কাৰ্ড, ভোটাৰ পৰিচয়পত্ৰ, ভোটাৰ তালিকাত নাম, বিদ্যুৎ সংযোগ বা পঞ্চায়তৰ প্ৰমাণপত্ৰ বনাঞ্চলত বসবাসৰ বৈধ অধিকাৰৰ প্ৰমাণ হিচাপে গ্ৰহণযোগ্য নহয় বুলিও আদালতে স্পষ্ট কৰে।

আদালতে লগতে পৰিৱেশ সুৰক্ষা, বন আৰু বন্যপ্ৰাণী সংৰক্ষণক জনস্বাৰ্থৰ অন্তৰ্গত সাংবিধানিক দায়িত্ব বুলি উল্লেখ কৰি কয় যে এই অধিকাৰসমূহ ব্যক্তিগত বাসস্থানৰ দাবীতকৈ অধিক গুৰুত্বপূৰ্ণ। সংবিধানৰ ৪৮এ অনুচ্ছেদ অনুসৰি ৰাজ্যৰ বন আৰু পৰিৱেশ সংৰক্ষণৰ বাধ্যবাধকতা আছে আৰু সেই লক্ষ্য পূৰণৰ বাবেই উচ্ছেদ অভিযান সংবিধানসন্মত।

উচ্চ ন্যায়ালয়ে মুখ্য সচিবক নিৰ্দেশ দিয়ে যাতে বেদখলমুক্ত হোৱাৰ পাছত উক্ত বনভূমি কোনো অ-বন উদ্দেশ্যত ব্যৱহাৰ কৰিবলৈ বন বিভাগে অনুমতি নিদিয়ে। লগতে বেদখলমুক্ত ভূমিত পুনৰ বনসৃজন (Reforestation) কাৰ্যসূচী ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ ব্যৱস্থাও নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

Post a Comment

Previous Post Next Post