বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈ পথৰ শোচনীয় দুৰৱস্থা
উন্নয়নৰ ঢাকঢোলৰ মাজতে বীৰ শ্বহীদ নামত নামাকৰণ পথৰ দুৰৱস্থা : খুমটাই-বাদুলিপাৰত ৰাইজৰ যমৰ যাতনা
আজিৰ কণ্ঠ, খুমটাই, ১৫ মে : গোলাঘাট জিলাৰ খুমটাই ৰাজহ চক্ৰ অন্তৰ্গত খুমটাইৰ পৰা বাদুলিপাৰ সংযোগী প্ৰায় ৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈ পথৰ শোচনীয় দুৰৱস্থাই এতিয়া অঞ্চলজুৰি তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। বহু বছৰ ধৰি সঠিক মেৰামতিৰ অভাৱ আৰু দায়িত্বশীল বিভাগসমূহৰ উদাসীনতাৰ ফলত পথটো এতিয়া সাধাৰণ পথ নহয়, যেন এক মৃত্যুৰ ফান্দত পৰিণত হৈছে।
বিশেষকৈ বাদুলিপাৰৰ শ্বহীদ গৰাকী তোৰণ সন্মুখভাগত ডাঙৰ ডাঙৰ গাঁত সৃষ্টি হৈ বৰষুণৰ পানী জমা হৈ পুখুৰী সদৃশ ৰূপ লৈছে। ক’ত গাঁত আৰু ক’ত পথ সেইটো বুজি পোৱাটোও কঠিন হৈ পৰিছে। দৈনিক শতাধিক দু-চকীয়া, চাৰি-চকীয়া বাহন, বিদ্যালয়গামী ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ৰোগী কঢ়িওৱা বাহন তথা সাধাৰণ পথচাৰীয়ে এই বিপজ্জনক পথৰে যাতায়াত কৰিবলগীয়া হৈছে।
এই পথটোৰ বিশেষ তাৎপৰ্য যে, কাৰ্গিল যুদ্ধৰ বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ স্মৃতিত উৎসৰ্গিত এই পথ অঞ্চলবাসীৰ বাবে গৌৰৱৰ প্ৰতীক। কিন্তু বীৰ সেনানীৰ নামত থকা পথৰ এনে কৰুণ অৱস্থাই চৰকাৰী উন্নয়নৰ দাবীক প্ৰশ্নবিদ্ধ কৰি তুলিছে। স্থানীয় ৰাইজৰ মতে, “যি বীৰ জোৱানে দেশৰ বাবে জীৱন উৎসৰ্গা কৰিলে, তেওঁৰ নামত থকা পথটোত আজিও চলাচল কৰাটো দুৰূহ এইয়া অত্যন্ত লজ্জাজনক।” স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেনযুক্ত কৰাৰ সময়ত নিৰ্মাণকাৰী সংস্থা HCC-এ উপযুক্ত বিজ্ঞানসন্মত নলা ব্যৱস্থা নকৰাৰ ফলত বৰষুণৰ পানী পথত জমা হৈ থাকে। ইয়াৰ ফলতেই পথটোৰ অধিকাংশ অংশ ভগ্নদশালৈ গতি কৰিছে। আনহাতে, লোক নিৰ্মাণ বিভাগেও বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।পথটোৰ বেয়া অৱস্থাৰ বাবে প্ৰতিদিনে সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আছে। বিশেষকৈ নিশাৰ সময়ত বাহন চলাচল অধিক বিপদসংকুল হৈ পৰে। বহু সময়ত দু-চকীয়া বাহন গাঁতত পৰি দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ঘটনাও সংঘটিত হৈছে। ৰোগীক চিকিৎসালয়লৈ নিয়া এম্বুলেন্সসমূহেও এই পথত যাতায়াত কৰাত তীব্ৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।
অঞ্চলবাসীয়ে দাবী জনাইছে যে, খুমটাই-বাদুলিপাৰ সংযোগী এই গুৰুত্বপূৰ্ণ পথটোৰ সম্পূৰ্ণ পুনৰ নিৰ্মাণ, উন্নত নলা ব্যৱস্থা আৰু স্থায়ী সমাধানৰ বাবে চৰকাৰে অতি শীঘ্ৰে বিশেষ আঁচনি গ্ৰহণ কৰিব লাগে। কেৱল উন্নয়নৰ ভাষণ নহয়, বাস্তৱ ক্ষেত্ৰত কাম কৰি দেখুৱাব লাগিব বুলিও ৰাইজে মত প্ৰকাশ কৰিছে।
স্থানীয় ৰাইজে সকীয়াই দিছে যে, যদি অতি সোনকালে পথটোৰ পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে আগন্তুক দিনত বৃহত্তৰ গণ আন্দোলন গঢ়ি তোলা হ’ব।
Post a Comment