বোকাখাত সমষ্টিত ভগ্ন বাঁহৰ দলঙত ওলমিছে কৃষকৰ জীৱন, চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ
মহুৰামুখৰ প্ৰতিবেদক, ১৮ মে’ : স্বাধীনতাৰ ৭৬ বছৰ পাছতো বোকাখাত সমষ্টিৰ উত্তৰ মহুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত নিকৰি বিলৰ ওপৰত এখন স্থায়ী দলং নিৰ্মাণ নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। অঞ্চলটোৰ প্ৰায় ১২ খন গাঁৱৰ কৃষক আৰু সাধাৰণ ৰাইজে আজিও জৰাজীৰ্ণ বাঁহৰ দলঙেৰে যাতায়াত কৰিব লগা হৈছে।
জানিব পৰা মতে, দিচৈ-উত্তৰ মহুৰা অঞ্চলৰ প্ৰায় ২ হাজাৰ বিঘাতকৈও অধিক কৃষিভূমিলৈ যাবলৈ নিকৰি জানৰ ওপৰত থকা দুখন ভগ্ন বাঁহৰ দলংয়ে একমাত্ৰ ভৰসা। দৈনিক শতাধিক কৃষকে কৃষিকাৰ্যৰ বাবে এই বিপদসংকুল দলং পাৰ হ’ব লগা হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী, মহিলা আৰু বৃদ্ধ লোকেও একেই দুৰ্ভোগ ভুগিব লগা হৈছে। স্থানীয় ৰাইজৰ অভিযোগ, বছৰে বছৰে নিৰ্বাচনৰ পূৰ্বে অঞ্চলটোত উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়া হয় যদিও আজিলৈকে স্থায়ী দলং নিৰ্মাণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। চৰকাৰে গ্ৰাম্য উন্নয়নৰ বিভিন্ন আঁচনিৰ কথা ক’লেও বাস্তৱত কৃষক আৰু গ্ৰামাঞ্চলৰ লোকসকল আজিও মৌলিক সুবিধাৰ পৰা বঞ্চিত হৈ আছে বুলি ক্ষোভ উজাৰিছে ৰাইজে। ৰাইজে শীঘ্ৰে নিকৰি জানৰ ওপৰত এখন পকী পুল নিৰ্মাণৰ দাবী জনাইছে বোকাখাত সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাক এখন দলং নিৰ্মাণ কৰি দিবলৈ আহ্বান জনাইছে ।
Post a Comment