বোকাখাতৰ চিনাকানত নিভাজ বিহুৰ অমিয়া সুৰ: নতুন প্ৰজন্মই লৈছে জাতীয় সংস্কৃতিৰ দায়িত্ব:
বোকাখাতৰ পৰা পল্লৱ হাজৰিকা ১৭ এপ্ৰিল:
◾আধুনিকতাৰ ধামখুমীয়াত যান্ত্ৰিকতাই চুই যোৱা অসমীয়া সমাজত এতিয়াও বিৰাজ কৰিছে লোক-সংস্কৃতিৰ নিভাজ চানেকি। বোকাখাত সমজিলাৰ বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ এখন বিশেষ গাঁও— চিনাকান। প্ৰতি বছৰে বানৰ সৈতে যুঁজি থকা কৃষিৰ ওপৰত নিৰ্ভৰশীল এই গাঁওখনে আজিও অটুট ৰাখিছে বিহুৰ স্বকীয়তা। আন বছৰৰ দৰেই এইবাৰো চিনাকান গাঁৱৰ নামঘৰৰ বাকৰিত পৰিলক্ষিত হ’ল এক উখল-মাখল পৰিৱেশ।
ঢোল-পেঁপাৰ শব্দত গুমগুমাই উঠিল আকাশ-বতাহ।
বিহুৰ এই উছাহৰ মাজতে গাঁওখনৰ ডেৰ শতাধিক গঞা ৰাইজে নামঘৰৰ বাকৰিত জুৰিলে পৰম্পৰাগত হুঁচৰি। ঢোল, পেঁপা আৰু গগনাৰ শব্দত সমগ্ৰ চিনাকান গুমগুমাই উঠিল। গাঁওখনৰ প্ৰতিটো পৰিয়ালে হুঁচৰি দলক পৰম্পৰা অনুসৰি দক্ষিণা আগবঢ়াই বছৰটোলৈ বুলি আশীৰ্বাদ বিচাৰে। কেৱল নিজ গাঁৱৰ লোকেই নহয়, কাষৰীয়া কেইবাখনো গাঁৱৰ বিহু বলিয়া ৰাইজেও এই অনুষ্ঠানত অংশ লয়।
বৰ্তমানৰ সময়ত নতুন প্ৰজন্মই অসমীয়া সাতামপুৰুষীয়া সংস্কৃতিৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে বুলি উঠি থকা অভিযোগক ভুল প্ৰমাণিত কৰিলে চিনাকানৰ এই বিহুৱাসকলে। গাঁওখনৰ নতুন প্ৰজন্মই আগভাগ লোৱা এই হুঁচৰিত কণ কণ শিশুৰ পৰা আৰম্ভ কৰি ডেকাসকলৰ সৈতে কণ্ঠত কণ্ঠ মিলালে গাঁৱৰ অভিজ্ঞ বুঢ়া-মেথা সকলেও। নিভাজ বিহুনামৰ সুৰেৰে নামঘৰৰ বাকৰি মুখৰিত কৰি তুলিলে সকলোৱে।
অসমীয়া বিহু নাম, হুঁচৰি বা ঢোলৰ চেও আদি বিকৃত হৈছে বুলি বিভিন্ন মহলত চৰ্চা চলি থকাৰ সময়ত চিনাকান গাঁৱৰ এই হুঁচৰিত শুনিবলৈ পোৱা গ’ল এক সঁচা আৰু নিভাজ অসমীয়া সুৰ। বিশেষকৈ নতুন প্ৰজন্মৰ কণ্ঠত হেৰাই যাব খোজা বিহুনামৰ সুৰসমূহ শুনি সমবেত ৰাইজ আপ্লুত হৈ পৰে।
Post a Comment