মাটি, শ্ৰম আৰু পৰম্পৰাৰ সেউজীয়া স্বাক্ষৰ নাঙল বিহু

মাটি, শ্ৰম আৰু পৰম্পৰাৰ সেউজীয়া স্বাক্ষৰ নাঙল বিহু


■ অসমীয়া লোক-সংস্কৃতিৰ বুকুত শিপা মেলি থকা নাঙল বিহু । ব'হাগ বিহুৰ অন্যতম নাঙল বিহুৰ কৃষিজীৱী সমাজৰ আত্মাৰ প্ৰতিফলন। নামনি অসমৰ বিশেষকৈ বৰপেটা, নলবাৰী আদি অঞ্চলত প্ৰচলিত এই পৰম্পৰাই প্ৰজন্মৰ পৰা প্ৰজন্মলৈ শ্ৰমৰ মৰ্যাদা আৰু মাটিৰ সৈতে মানুহৰ অটুট সম্পৰ্কক স্মৰণ কৰাই আহিছে। ব’হাগ বিহুৰ উল্লাসৰ মাজতে পালন কৰা নাঙল বিহুত কৃষকৰ জীৱনৰ মূল আধাৰ নাঙলক বিশেষ মৰ্যাদা দিয়া হয়। খেতি আৰম্ভ কৰাৰ পূৰ্বে নাঙল ধোৱা, ধূপ ধুনাৰ ভগৱান ওচৰত প্ৰাৰ্থনা কৰা আদি আচাৰসমূহে কৃষকৰ অন্তৰৰ কৃতজ্ঞতা আৰু বিশ্বাসৰ এক গভীৰ প্ৰকাশ কৰে । এইবোৰ আচাৰ-অনুষ্ঠান কেৱল ধৰ্মীয় নহয়, চহা কৃষকৰ জীৱনদৰ্শনৰ প্ৰতিচ্ছবি, য’ত শ্ৰমক গুৰুত্ব আৰু আহিলাক আশীৰ্বাদৰ আধাৰ হিচাপে গণ্য কৰা হয়।

বৰ্তমান সময়ত যান্ত্ৰিকীকৰণৰ ঢৌৱে কৃষিক্ষেত্ৰক বেগেৰে সলনি কৰি আছে। ট্ৰেক্টৰ, পাৱাৰ টিলাৰৰ ব্যৱহাৰে খেতি সহজ কৰিছে যদিও, এই আধুনিকতাৰ মাজত পৰম্পৰাগত মূল্যবোধসমূহ লাহে লাহে আঁতৰি যোৱাৰ আশংকা দেখা গৈছে। এই পৰিপ্ৰেক্ষিতত নাঙল বিহু কেৱল এটা উৎসৱৰ সীমাত নাথাকি, ই আমাৰ সংস্কৃতি সংৰক্ষণৰ এক আহ্বান হিচাপে প্ৰতিষ্ঠিত হৈছে।

বিহুনামত কৃষকৰ নাঙল সন্দৰ্ভত গভীৰভাৱে প্ৰতিফলিত হোৱা দেখা যায় 

ধান বোৱাঁ মাটিত লাগি, নাঙলীৰে জীৱন গাঁথি;

মাটিৰে ঘ্ৰাণত সপোন বুনো, শ্ৰমেই আমাৰ শক্তি।”

নাঙল বিহুৱে আমাক সোঁৱৰাই দিয়ে উন্নতিৰ নামত আমি যেন আমাৰ শিপাক পাহৰি নাযাওঁ। মাটিৰ সৈতে জড়িত এই আধ্যাত্মিক বন্ধন, শ্ৰমৰ প্ৰতি এই গভীৰ সন্মান এইবোৰেই অসমীয়া জাতিৰ পৰিচয়। সেয়েহে নাঙল বিহুৰ দৰে পৰম্পৰাসমূহ সংৰক্ষণ আৰু আগবঢ়োৱাটো কেৱল সংস্কৃতিৰ দায়িত্ব নহয়, আমাৰ অস্তিত্ব ৰক্ষাৰো এক গুৰুত্বপূৰ্ণ দায়িত্ব।

নাঙল বিহুৱে আমাক সোঁৱৰাই দিয়ে উন্নতিৰ নামত আমি যেন আমাৰ শিপাক পাহৰি নাযাওঁ।

ব’হাগ আহে, সেউজীয়া বতাহে,

নাঙলৰে আশা জগায়; 

শ্ৰমৰ পথতে জীৱনৰ জয়,

মাটিয়ে আমাক লগায়।”

■ চন্দন বৰা ,সাংবাদিক 

Post a Comment

Previous Post Next Post