অসমৰ বনাঞ্চলত অৰ্কিড বেপাৰীৰ চকু: অস্তিত্বৰ সংকটত বিৰল প্ৰজাতিৰ অৰ্কিড
বোকাখাতৰ পৰা পল্লৱ হাজৰিকা ১৬ এপ্ৰিল:
◾ বসন্তৰ আগমনে ৰাজ্যখনলৈ ব’হাগৰ উচাহ কঢ়িয়াই অনাৰ সময়তে অসমৰ অৰণ্যসমূহৰ পৰা বিৰল প্ৰজাতিৰ অৰ্কিডসমূহ এতিয়া চোৰাং বেপাৰীৰ সহজলভ্য পণ্যলৈ ৰূপান্তৰিত হৈছে। বন বিভাগৰ চৰম উদাসীনতাৰ সুযোগ গ্ৰহণ কৰি এচাম অসাধু চক্ৰই ৰাজ্যৰ সংৰক্ষিত বনাঞ্চল আৰু অভয়াৰণ্যসমূহৰ পৰা বনজ সম্পদসমূহ লুণ্ঠন কৰি এক ৰমৰমীয়া বেহা চলাই গৈছে।
প্ৰতিবছৰে ব’হাগ মাহত অৰ্কিডসমূহ ফুলি থকাৰ সময়তে চোৰাং বেপাৰীয়ে বনাঞ্চলত প্ৰৱেশ কৰি এই বিৰল প্ৰজাতিৰ উদ্ভিদসমূহ শিপাৰ সৈতে উঘালি নি বস্তাত ভৰাই বহিঃৰাজ্যলৈ সৰবৰাহ কৰি আহিছে। বিশেষকৈ গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত এই অৰ্কিডৰ অবৈধ বজাৰ মুকলিকৈ বহি থকা পৰিলক্ষিত হৈছে। ইয়াৰ ফলত বনাঞ্চলৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰজাতিৰ অৰ্কিড বিলুপ্তিৰ পথত অগ্ৰসৰ হৈছে।
"প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত অৰ্কিডৰ ভূমিকা অপৰিসীম। ইয়াক কেৱল ফুল বুলি অবজ্ঞা কৰিলে আমি এক ডাঙৰ জৈৱ-বৈচিত্ৰ্যৰ সম্পদ হেৰুৱাম।"- অৰ্কিডৰ মুকলি বেহা সন্দৰ্ভত বিশিষ্ট পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে কয় এনেদৰে।
আশ্চৰ্যজনক কথাটো হ’ল যে, বনাঞ্চল সুৰক্ষাৰ দায়িত্বত থকা বন বিভাগৰ টহলদাৰীৰ অভাৱৰ বাবেই এনে কাৰ্য বৃদ্ধি পাইছে। অভিযোগ উত্থাপন হৈছে যে বন বিভাগৰ একাংশ লোক নদীৰ পৰা শিল-বালি খননৰ ৰমৰমীয়া বেহাৰ লগত ব্যস্ত থকাৰ বিপৰীতে বনাঞ্চলৰ প্ৰাণস্বৰূপ এই উদ্ভিদসমূহৰ প্ৰতি চৰম উদাসীনতা প্ৰদৰ্শন কৰিছে। "কেৱল ফুল এপাহহে" বুলি ভবা ভুল মানসিকতাৰ বাবেই আজি অসমৰ আপুৰুগীয়া সম্পদসমূহ নিঃশেষ হ’বলৈ ধৰিছে।
অসমৰ অৰ্কিডৰ এই দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি 'অসম অৰ্কিড চচাইটি'য়ে উদ্বেগ প্ৰকাশ কৰিছে। চচাইটিৰ সম্পাদক ড° জিতু গগৈয়ে বন্য অৰ্কিডৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত ধেমাজি জিলাৰ বন সংমণ্ডল প্ৰাধিকাৰীক এক স্মাৰক পত্ৰ দাখিল কৰিছে। তেওঁ সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, যদিহে বন বিভাগে এতিয়াই কঠোৰ পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে অনাগত দিনত অসমৰ বনাঞ্চলৰ পৰা অৰ্কিডৰ অস্তিত্ব চিৰদিনৰ বাবে লোপ পাব।
প্ৰকৃতিপ্ৰেমী ৰাইজৰ দাবী যে চৰকাৰ আৰু বন বিভাগে কেৱল গঁড় বা বাঘৰ সুৰক্ষাতে সীমাৱদ্ধ নাথাকি এই বিৰল উদ্ভিদসমূহ ৰক্ষা কৰিবলৈকো বিশেষ গাইডলাইন আৰু টহলদাৰী ব্যৱস্থা কটকটীয়া কৰিব লাগে। অন্যথা, বনাঞ্চলৰ এই অমূল্য সম্পদসমূহ কেৱল ইতিহাসৰ পাততহে ৰৈ যাব।
Post a Comment