ৰঙৰ ব'হাগ, ৰূপৰ সংকট: আধুনিকতাৰ ঢৌত বিহুৰ আত্মা কিমান নিৰাপদ?

ৰঙৰ ব'হাগ, ৰূপৰ সংকট: আধুনিকতাৰ ঢৌত বিহুৰ আত্মা কিমান নিৰাপদ?

চ’তৰ সংক্ৰান্তিৰ সপোন বগাই আহি ব’হাগ বিহুৱে যেতিয়া অসমৰ বুকুত অৱতীৰ্ণ হয়, তেতিয়া সেয়া কেৱল ঋতুচক্রৰ এক স্বাভাৱিক পৰিৱর্তনৰ সূচনা নহয় ই হৈছে এক সামষ্টিক চেতনা, এক সাংস্কৃতিক পুনৰ্জন্ম, য’ত মাটি, মানুহ আৰু মন একে সুৰত সজীৱ হৈ উঠে। কুলি-কেতেকীৰ মধুৰ মাত, ফুলে-পাতে সজোৱা প্ৰকৃতিৰ সুষমা, ঢোল-পেঁপা-টকা-গগণাৰ ছন্দময় ধ্বনি এইবোৰৰ সমন্বয়ে সৃষ্টি কৰে এক সাংস্কৃতিক অনুষঙ্গ, যি অসমীয়াৰ সত্তাৰ গভীৰতম স্তৰ স্পৰ্শ কৰে। সেয়েহে ব’হাগ বিহু কেৱল উৎসৱ নহয়, ব'হাগ হৈছে অসমীয়া জাতিসত্তাৰ এক জীৱন্ত দলিল।

ইতিহাসৰ দীঘলীয়া প্ৰবাহত বিহুৱে কঢ়িয়াই আনিছে অসমীয়া সমাজৰ পৰম্পৰাগত কাঠামো, নৈতিক মূল্যবোধ, ৰীতি-নীতি, সাজ-পোচাক আৰু খাদ্য-সংস্কৃতিৰ সমগ্ৰতা। এই উৎসৱৰ মাজতেই নিহিত আছে এক প্ৰাকৃতিক-মানৱীয় সমন্বয়, য’ত কৃষিজীৱী সমাজৰ জীৱনচক্র, ঋতুচক্রৰ পৰিৱর্তন আৰু মানৱীয় অনুভৱৰ এক সূক্ষ্ম সমাহাৰ দেখা যায়। কিন্তু আধুনিকতাৰ অনিয়ন্ত্রিত প্ৰৱাহে এই সমন্বয়ত ক্ৰমে বিঘ্ন সৃষ্টি কৰিছে।

সমসাময়িক সময়ত দেখা গৈছে য’ত একালত শিপিনীৰ নিপুণ হাতৰ পৰশত গঢ় লৈ উঠা গামোচা, চুৰিয়া, পাট-মুগাৰ মেখেলা-চাদৰে সাংস্কৃতিক গৌৰৱৰ প্ৰতীক বহন কৰিছিল, তাত আজিৰ দিনত কাৰখানামুখী উৎপাদনে সেই সৃজনশীলতা আৰু আন্তৰিকতাক প্ৰতিস্থাপন কৰিছে। একালৰ বিহুনাম য’ত প্ৰকৃতিৰ সৈতে একাত্মতা স্থাপন কৰিছিল, তাত আজিৰ গীতসমূহত প্ৰাধান্য পাইছে বাহ্যিক চাকচিক্য, কৃত্ৰিমতা আৰু বাণিজ্যিক উদ্দেশ্যপ্ৰণোদিত উপাদান।

ইয়াৰ লগতে, বিহুৰ নাচ, সুৰ-তাল, সাজ-পাৰ আৰু খাদ্যাভাসতো দেখা গৈছে এক প্ৰকাৰৰ সাংস্কৃতিক বিকৃতি। পশ্চিমীয়া প্ৰভাৱৰ অন্ধ অনুকৰণত বিহুৰ মৌলিকতা ক্ৰমে লোপ পাইছে। ‘আধুনিকীকৰণ’ৰ নামত যি ৰূপান্তৰ ঘটিছে, সেয়া অধিকাংশ ক্ষেত্ৰতেই সৃজনশীল বিকাশ নহয়, বৰঞ্চ এক প্ৰকাৰৰ সাংস্কৃতিক অবক্ষয়। এই ‘সংমিশ্ৰণবাদী’ বা তথাকথিত ‘খিচিৰি সংস্কৃতি’য়ে বিহুৰ স্বকীয়তা আৰু মৌলিক সত্তাক সংকটৰ মুখলৈ ঠেলি দিছে। এনে পৰিপ্ৰেক্ষিতত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হয় বিহুৰ এই আধুনিক ৰূপান্তৰে কি অসমীয়া জাতিসত্তাক সুৰক্ষিত কৰি ৰাখিছে, নে ইয়াক লাহে লাহে অবলুপ্তিৰ দিশে ঠেলি দিছে? যেতিয়া মিচিঙ জনগোষ্ঠীৰ ঐনিতম আৰু বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নিজৰ স্বকীয় বৈশিষ্ট্য অটুট ৰাখিবলৈ সক্ষম হৈছে, তেতিয়া বিহুৰ ক্ষেত্ৰত এই স্বকীয়তা কিয় সংকটাপন্ন হৈ পৰিছে এই প্ৰশ্নৰ উত্তৰ বিচাৰি উলিওৱাটো সময়ৰ দাবী।

ভাষাৰ দৰে বিহুৱেও অসমীয়া জাতিৰ আত্মিক আৰু সাংস্কৃতিক পৰিচয়ৰ বাহক। বিহু কেৱল বিনোদনৰ মাধ্যম নহয়, বৰঞ্চ এক গভীৰ সামাজিক-আধ্যাত্মিক প্ৰক্ৰিয়া, যাৰ জৰিয়তে সমাজে নিজৰ অস্তিত্ব, ঐতিহ্য আৰু মূল্যবোধ পুনৰ প্ৰতিষ্ঠা কৰে। সেয়েহে বিহুৰ শুদ্ধ ৰূপ সংৰক্ষণ কৰাটো কেৱল সাংস্কৃতিক দায়বদ্ধতা নহয় ই এক অস্তিত্বমূলক প্ৰয়োজন।

বৰ্তমান সময়ত প্ৰয়োজন এক সুসংগঠিত, সচেতন আৰু দীৰ্ঘম্যাদী সাংস্কৃতিক আন্দোলনৰ যাৰ লক্ষ্য হ’ব বিহুৰ মূল সুৰ, আদি নাচৰ শৈলী, পৰম্পৰাগত সাজ-পাৰ আৰু লোকসংস্কৃতিৰ পুনৰুজ্জীৱন। ৰংগমঞ্চত বিহুৰ প্ৰদৰ্শন হ’ব পাৰে, কিন্তু সেয়া যেন বিহুৰ মৌলিকতা আৰু আধ্যাত্মিক গভীৰতাক বিকৃত নকৰে। আধুনিকতা গ্ৰহণযোগ্য, কিন্তু সেয়া যেন নিজৰ শিপা ছিঙি পেলোৱাৰ বিনিময়ত নহয়।

যদি বিহুৰ আত্মা লোপ পায়, তেন্তে অসমীয়া জাতিসত্তাৰ অস্তিত্বো সংকটাপন্ন হৈ পৰিব।

■ চন্দন বৰা, সাংবাদিক

Post a Comment

Previous Post Next Post