গোলাঘাট জিলা সাহিত্য সভাৰ উদ্যোগত সাহিত্য দিৱস উদযাপন


গোলাঘাট জিলা সাহিত্য সভাৰ উদ্যোগত সাহিত্য দিৱস উদযাপন

নুমলীগড় প্ৰতিবেদক, ২৬ মাৰ্চ:
অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ শাখাৰ সন্মানপ্ৰাপ্ত আৰু ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ আতিথ্যত গোলাঘাট জিলা সাহিত্য সভাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি দিৱস উপলক্ষে সাহিত্য দিৱস উদযাপন কৰে। জিলাৰ উপ-সভাপতি মহিৰাম লয়িঙে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। সম্পাদক প্ৰণৱজ্যোতি শইকীয়াই আঁত ধৰা অনুষ্ঠানখনত সভাপতিত্ব কৰে জিলাৰ সভাপতি বন্তি বৰায়। অসম সাহিত্য সভাৰ নাট্য উপ-সমিতিৰ সদস্য নৰেন শইকীয়াই অনুষ্ঠানটো উদ্বোধন কৰে আৰু সম্পাদক দুলাল চন্দ্ৰ দাসে উদ্দেশ্য ব্যাখ্যা আগবঢ়ায়।
সভাত নিৰ্দিষ্ট বক্তা হিচাপে ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ড° যতীন নাথে অংশগ্ৰহণ কৰি সাহিত্য আৰু সংস্কৃতিৰ গুৰুত্ব সম্পৰ্কে বক্তব্য আগবঢ়ায়। লগতে সভাত কল্পনা হাতীবৰুৱা, জীৱন শইকীয়া, জলিলুৰ ৰহমান ভৰালী, কমাৰগাঁও শাখাৰ সভাপতি সোণৰ বৰুৱা, সম্পাদক ৰিন্টু দুৱৰা, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ শৈল চিকিৎসা বিভাগৰ অধ্যাপক ডাঃ উদ্ধৱ শৰ্মা আদি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানটো শাখাৰ সদস্যাসকলৰ দ্বাৰা পৰিৱেশিত উদ্বোধনী গীতেৰে আৰম্ভ হয়। ইয়াৰ পাছত শুভংকৰ তালুকদাৰ, কাশ্মিৰী বৰা আৰু কাকলি বৰাই গীত পৰিৱেশন কৰি অনুষ্ঠানটোক সজীৱ কৰি তোলে।

এই সাহিত্য দিৱসত নুমলীগড় শোধনাগাৰৰ পৰা অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী ফুকন চন্দ্ৰ ডেকা, আব্দুল গণি, জয়া চৰকাৰ আৰু তেওঁলোকৰ পৰিয়ালক সম্বৰ্ধনা জনোৱা হয়। লগতে সাহিত্য দিৱস উপলক্ষে আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়।

অনুষ্ঠানটো মনোজ কুমাৰ দাস আৰু বংকু শইকীয়াই সুচাৰুৰূপে পৰিচালনা কৰে আৰু অন্তত সম্পাদক প্ৰণৱজ্যোতি শইকীয়াই শলাগ জ্ঞাপন কৰে।

Post a Comment

Previous Post Next Post