বোকাখাতত ২১২টা ভোটগ্ৰহণ কেন্দ্ৰ সাজু, ১.৬৪ লাখ ভোটাৰে কৰিব ভোটদান

বোকাখাতত ২১২টা ভোটগ্ৰহণ কেন্দ্ৰ সাজু, ১.৬৪ লাখ ভোটাৰে কৰিব ভোটদান

 ৪৬টা মহিলা পৰিচালিত কেন্দ্ৰ; ৭টা জ’ন আৰু ১৮টা খণ্ডত বিভক্ত সমষ্টি

কমাৰগাঁৱৰ পৰা মহেন শইকীয়াৰ প্ৰতিবেদন, ৩০ মাৰ্চ:
আগন্তুক ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচন উপলক্ষে ১০৫ নং বোকাখাত বিধানসভা সমষ্টিত ব্যাপক প্ৰস্তুতি সম্পন্ন কৰা হৈছে। সমষ্টিটোৰ ২১২টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান অনুষ্ঠিত হ’ব, ইয়াৰে ৪৬টা কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাসকলৰ দ্বাৰা পৰিচালিত হ’ব বুলি প্ৰশাসনে জনাইছে।

এইবাৰ সমষ্টিটোত মুঠ ১,৬৪,৬৪৮ জন ভোটাৰে ভোটাধিকাৰ প্ৰয়োগ কৰিব, যাৰ ভিতৰত ৭৯,৯৫২ জন পুৰুষ, ৮৪,৬৯৫ জন মহিলা আৰু এজন তৃতীয় লিংগৰ ভোটাৰ অন্তৰ্ভুক্ত।

ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ লক্ষ্যৰে সমষ্টিটোক ৭টা জ’ন আৰু ১৮টা খণ্ডত বিভক্ত কৰা হৈছে। ইয়াৰ বাবে ৭জন জ’নেল বিষয়া, ১৮জন ছেক্টৰ বিষয়া আৰু প্ৰায় ১,০৬০ জন ভোটগ্ৰহণ কৰ্মচাৰী নিয়োজিত কৰা হৈছে।

নিৰ্বাচন-সংক্রান্ত তথ্য বা অভিযোগৰ বাবে ০৩৭৭৪-২৮৩২৮২ নম্বৰত নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিবলৈ ৰাইজক আহ্বান জনোৱা হৈছে। আনহাতে, শক্তিকক্ষ গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ, বগৰীজেঙত স্থাপন কৰা হৈছে বুলি জিলা প্ৰশাসনে নিশ্চিত কৰিছে।

Post a Comment

Previous Post Next Post