খুমটাইত ধনশিৰী নৈৰ জলপৃষ্ঠ বৃদ্ধি: বানপানীৰ কৱলত ন ন অঞ্চল: বিদ্যুত সেৱা কৰ্তন

খুমটাইত ধনশিৰী নৈৰ জলপৃষ্ঠ বৃদ্ধি
ন ন অঞ্চল প্লাৱিত, বান পৰিস্থিতিয়ে সৃষ্টি কৰিছে উদ্বেগ

খুমটাই প্ৰতিবেদক, ৭ আগষ্ট: ক্ৰমাৎ বৃদ্ধি পাইছে ধনশিৰী নৈৰ জলপৃষ্ঠ। নেৰানেপেৰা বৰষুণ আৰু নিপ'কোৱ দৈয়াং   জলবিদ্যুত প্ৰকল্পৰ পানী এৰি  দিয়াৰ 
ফলত ধনশিৰী নৈৰ পানী বৃদ্ধি পোৱাৰ লগে লগে খুমটাই সমষ্টিৰ ন ন অঞ্চল প্লাৱিত হৈছে। ইতিমধ্যে বহু অঞ্চলত বানপানী প্ৰৱেশ কৰাত জনজীৱন ব্যাহত হোৱাৰ লগতে কৃষি পথাৰো ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা দেখা দিছে।
বাঢ়নী পানীৰ কৱলত খুমটাই কেইবাটাও গুৰুত্বপূৰ্ণ পথ উপ পথ ।

ধনশিৰী নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পোৱাত নৈপৰীয়া অঞ্চলসমূহৰ বাসিন্দাসকলৰ মাজত আতংক আৰু উদ্বেগ বৃদ্ধি পাইছে। বহু ঠাইত বাট-পথৰ ওপৰেৰে পানী বাগৰি যোৱাৰ ফলত যাতায়াত ব্যৱস্থাতো সমস্যাৰ সৃষ্টি হৈছে।

বানপানীৰ ফলত কৃষিভূমি জলমগ্ন হোৱাৰ লগতে গৃহপালিত পশুধনৰ খাদ্যৰ সমস্যাও দেখা দিবলৈ ধৰিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় ৰাইজে প্ৰশাসনক বানাক্ৰান্ত অঞ্চলসমূহত তৎপৰভাৱে উদ্ধাৰ, সাহায্য আৰু পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।

ইফালে ধনশিৰী নৈৰ জলপৃষ্ঠৰ ওপৰত সংশ্লিষ্ট বিভাগে নিৰন্তৰ নজৰ ৰখাৰ লগতে নৈপৰীয়া অঞ্চলৰ ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।

Post a Comment

Previous Post Next Post