অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ

অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাৰ

নিউজ ডেক্স, আজিৰ কণ্ঠ, ৫ আগষ্টঃ অসমৰ পুনৰাবৃত্ত বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰিছে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাই। বুধবাৰে উজনিৰ শিৱসাগৰ নাজিৰা অঞ্চলৰ বানাক্ৰান্ত লোকসকলৰ কাষলৈ যোৱাৰ পথত বোকাখাতত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ এই দাবী উত্থাপন কৰে।

তেওঁ কয় যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বান পৰিস্থিতিৰ সময়ত নিজে সন্মুখত থাকি ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে দুৰ্গতসকলৰ কাষত থিয় দিছে। তেওঁ পানীত নামি বানপীড়িত লোকসকলৰ খবৰ লোৱা কাৰ্য প্ৰশংসনীয় আৰু এনে দক্ষ নেতৃত্ব বিৰল। কিন্তু মুখ্যমন্ত্ৰীৰ প্ৰতি তেওঁৰ আহ্বান, অসমৰ এই মহাপ্ৰলয়ংকাৰী বান পৰিস্থিতি স্বচক্ষে অধ্যয়ন কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীকো অসমলৈ আনিব লাগে। তেনে হ'লে অসমৰ বান সমস্যাৰ ভয়াৱহতা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অধিক স্পষ্ট হ'ব আৰু ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত সুবিধা হ'ব। পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাই কয়, মানৱ সমাজৰ প্ৰতি প্ৰকৃতি ৰুষ্ট হোৱাৰ ফলতেই এনে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰকৃতিৰ এই তাণ্ডৱ সম্পূৰ্ণৰূপে ৰোধ কৰা সম্ভৱ নহ'লেও, ইয়াৰ পিছত সমাজে ধৈৰ্য, সহমৰ্মিতা আৰু পাৰস্পৰিক সহযোগিতাৰে আগবাঢ়িব লাগিব। তেওঁ আহ্বান জনায় যে, এনে দুৰ্যোগৰ সময়ত জাতি, বৰ্ণ, ধৰ্ম আৰু সম্প্ৰদায়ৰ ভেদাভেদ পাহৰি সকলোয়ে ইজনে সিজনক সহায়ৰ হাত আগবঢ়োৱা উচিত।তেওঁ লগতে জানিবলৈ দিয়ে যে, যোৱা ১৯ জুলাইত উজনি অসমত সংঘটিত হোৱা প্ৰলয়ংকাৰী বানৰ পাছৰে পৰা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সেৱা বাহিনীৰ সেৱক-সেৱিকাসকলে নিৰৱচ্ছিন্নভাৱে বানাক্ৰান্ত লোকসকলৰ মাজত সেৱা আগবঢ়াই আহিছে। সঙ্ঘৰ প্ৰতিখন জিলা শাখাই সাধ্যানুসাৰে বানপীড়িতসকলক খাদ্য, বস্ত্ৰ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ লগতে মূল সঙ্ঘৰ ফালৰ পৰাও অব্যাহতভাৱে সাহায্য আগবঢ়োৱা হৈছে। আজি নাজিৰাৰ বানাক্ৰান্ত লোকসকলৰ কাষলৈ গৈ সাধ্যানুসাৰে সেৱা আৰু সাহাৰ্য আগবঢ়োৱা হ'ব বুলিও তেওঁ উল্লেখ কৰে।ইফালে, যোৱা নিশাৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বূঢ়াপাহাৰ অঞ্চলত সংঘটিত ভূমিস্খলনৰ বিষয়ে মন্তব্য কৰি ভবেন্দ্ৰনাথ ডেকাই কয় যে, সৌভাগ্যক্ৰমে তেওঁলোক কোনো ধৰণৰ অনাকাঙ্ক্ষিত বিপদ নোহোৱাকৈ উক্ত অঞ্চল অতিক্ৰম কৰিবলৈ সক্ষম হয়।

Post a Comment

Previous Post Next Post