মাথাউৰিত ছাত্ৰ-ছাত্ৰীৰ পাঠদান: বানপানীৰ বুকুত শিক্ষাৰ সংগ্ৰাম
জলমগ্ন মহুৰামুখৰ কেইবাখনো বিদ্যালয়, মথাউৰিত চলিছে পাঠদান
মহুৰামুখৰ পৰা বলোৰাম কামানৰ প্ৰতিবেদন ৪আগষ্ট : গৰমৰ বন্ধৰ অন্তত ১ আগষ্টৰ পৰা ৰাজ্যজুৰি পুনৰ আৰম্ভ হৈছে বিদ্যালয়সমূহৰ নিয়মীয়া পাঠদান। কিন্তু শেহতীয়া ভয়াবহ বানৰ ক্ষতচিহ্ন এতিয়াও মোচ খোৱা নাই। বোকাখাত সমজিলাৰ মহুৰামুখ অঞ্চলৰ উত্তৰাংশৰ কেইবাখনো বিদ্যালয় এতিয়াও বানপানীত বুৰ গৈ থকাৰ ফলত শিক্ষক-শিক্ষয়িত্ৰী আৰু কণ-কণ ছাত্ৰ-ছাত্ৰীসকলে অসীম কষ্টৰ মাজতো শিক্ষাৰ পোহৰ নিভিবলৈ দিয়া নাই।
সকলোতকৈ হৃদয়স্পৰ্শী দৃশ্য দেখা গৈছে ভলুকাগুৰি প্ৰাথমিক বিদ্যালয়ত। বিদ্যালয় চৌহদ সম্পূৰ্ণ জলমগ্ন হৈ থকাত শ্ৰেণীকোঠাৰ ঠাই লৈছে নেঘেৰিটিং–বংকোৱাল মথাউৰিয়ে। খোলা আকাশৰ তলত, মথাউৰিৰ ওপৰতে বহি কণমানি ছাত্ৰ-ছাত্ৰীসকলে পাঠ গ্ৰহণ কৰিছে। শিক্ষকসকলেও কোনো অভিযোগ নকৰাকৈ একান্ত নিষ্ঠাৰে পাঠদান অব্যাহত ৰাখিছে। বিদ্যালয়ৰ ঘণ্টাধ্বনি নাই, বেঞ্চ-ডেস্ক নাই—আছে কেৱল শিক্ষা অব্যাহত ৰাখাৰ অদম্য ইচ্ছাশক্তি। এই দৃশ্যই প্ৰমাণ কৰিছে যে শিক্ষা কেৱল চাৰিটা দেৱালৰ মাজত সীমাবদ্ধ নহয়; ই মানুহৰ মনোবল আৰু দায়বদ্ধতাৰ নাম।
আনহাতে, ২ নং বৰটিকা প্ৰাথমিক বিদ্যালয়ৰ চৌহদত এতিয়াও পানী থকাৰ বাবে শিক্ষকসকলে নাওঁৰ সহায়ত পথৰ পৰা কণ-কণ শিক্ষাৰ্থীক বিদ্যালয়লৈ অনা-নিয়া কৰি পাঠদান চলাই আছে। বানৰ মাজতো শিশুসকলৰ মুখত শিক্ষাৰ হাঁহি অটুট ৰাখিবলৈ তেওঁলোকৰ এই ত্যাগ সত্যিই প্ৰশংসনীয়।
ইয়াৰ উপৰিও বংকোৱাল উচ্চ মাধ্যমিক বিদ্যালয়, বৰটিকা–অফলা উচ্চ মাধ্যমিক বিদ্যালয় আৰু বৰটিকা–অফলা মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদত এতিয়াও একাঁঠু পানী। প্ৰতিদিনে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে সেই পানী পাৰ হৈ বিদ্যালয়লৈ অহা-যোৱা কৰিবলগীয়া হৈছে। শিক্ষাৰ প্ৰতি থকা দায়বদ্ধতাই তেওঁলোকক আগুৱাই লৈ গৈছে যদিও এনে পৰিস্থিতিয়ে শিক্ষাৰ্থীৰ স্বাস্থ্য আৰু নিৰাপত্তাক লৈ অভিভাৱকসকলক গভীৰ চিন্তাত পেলাইছে।
ইফালে, গৰৈমাৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু নৈপৰীয়া অঞ্চলৰ একমাত্ৰ ব্যক্তিগত ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান দিচৈ ভেলি ইংলিছ স্কুল এতিয়াও সম্পূৰ্ণ বানপানীত ডুব গৈ থকাত উভয় বিদ্যালয়ত পাঠদান সম্পূৰ্ণ বন্ধ হৈ আছে। কণমানি শিক্ষাৰ্থীৰ কলৰৱেৰে মুখৰিত হ'বলগীয়া বিদ্যালয় দুয়োখন এতিয়া নিস্তব্ধ।
বানপানীয়ে বিদ্যালয়ৰ চৌহদ ডুবাব পাৰিছে, কিন্তু শিক্ষকসকলৰ কৰ্তব্যবোধ আৰু ছাত্ৰ-ছাত্ৰীৰ শিক্ষালাভৰ সপোন ডুবাব পৰা নাই। মথাউৰিক শ্ৰেণীকোঠা, নাওঁক বিদ্যালয়ৰ বাহন আৰু ইচ্ছাশক্তিক পাঠ্যপুথি কৰি মহুৰামুখৰ এই শিক্ষক-শিক্ষাৰ্থীসকলে শিক্ষাৰ এক অনন্য দৃষ্টান্ত স্থাপন কৰিছে।
এইসমূহ ছৱি কেৱল এখন অঞ্চলৰ কাহিনী নহয়, আমাৰ শিক্ষা ব্যৱস্থাৰ এক নীৰৱ আৰ্তনাদ। স্থানীয় ৰাইজ, অভিভাৱক আৰু সচেতন মহলে জলমগ্ন বিদ্যালয়সমূহৰ দ্ৰুত পুনৰুদ্ধাৰ, বিকল্প পাঠদানৰ ব্যৱস্থা আৰু শিক্ষাৰ্থীৰ নিৰাপদ শিক্ষাৰ পৰিৱেশ নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগক অতি শীঘ্ৰে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনাইছে।
Post a Comment