আইন আছে, প্ৰয়োগ নাই : গুৱাহাটী মহাবিদ্যালয়সমূহৰ কাষত অবাধে চলিছে গুটখা বিক্ৰী
দায়িত্ব ঠেলাঠেলিত ব্যস্ত বিভাগসমূহ, শিক্ষানুষ্ঠানৰ সন্মুখত সহজলভ্য গুটখা,ধপাতজাতীয় সামগ্ৰী বিক্ৰী
আজিৰ কণ্ঠ, গুৱাহাটী, ২৮ মে’ : গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বহু মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ গেটৰ একেবাৰে কাষতে আজিও অবাধে বিক্ৰী হৈ আছে চিগাৰেট, গুটখা আৰু বিভিন্ন নিচাযুক্ত সামগ্ৰী। ভাৰতৰ ধপাতবিৰোধী আইন COTPA, ২০০৩ অনুসৰি শিক্ষানুষ্ঠানৰ ১০০ গজৰ ভিতৰত তামাক বিক্ৰী সম্পূৰ্ণ নিষিদ্ধ যদিও বাস্তৱ ক্ষেত্ৰত এই আইন যেন কেৱল কাগজতহে সীমাবদ্ধ হৈ আছে।
গুৱাহাটীৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ গেটৰ ওচৰতে থকা এখন পাণ দোকানত ছাত্ৰ-ছাত্ৰীয়ে দিনে কেইবাবাৰো চিগাৰেট ক্ৰয় কৰা দৃশ্য এতিয়া সাধাৰণ ঘটনা হৈ পৰিছে। দোকানীসকলে কোনো ক্ৰেতাৰ বয়স নাচাই নকৰে, আনকি আইন ভংগৰ আশংকাও দেখা নাযায়।
চহৰখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ সৈতে হোৱা আলোচনাত একেই ছবি পোহৰলৈ আহিছে। বহু শিক্ষাৰ্থীয়ে নাম প্ৰকাশ নকৰাৰ চৰ্তত কয় যে তেওঁলোকে প্ৰতিদিনে সহজেই শিক্ষানুষ্ঠানৰ ওচৰৰ দোকানৰ পৰা চিগাৰেট বা অন্যান্য ধপাতজাত সামগ্ৰী ক্ৰয় কৰে।
অসমত ভয়াবহ ৰূপ লৈছে ধপাতে
ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা (NFHS-5) অনুসৰি, ২০১৯-২০২১ সময়ছোৱাত অসমৰ ৫০ শতাংশতকৈ অধিক লোক কোনো নহয় কোনো ধৰণৰ ধপাত ব্যৱহাৰৰ সৈতে জড়িত। এই সংখ্যা ৰাষ্ট্ৰীয় গড় ৩৮ শতাংশতকৈ বহু ওপৰত।
জনস্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, অধিকাংশ ক্ষেত্ৰতে কৈশোৰ অৱস্থাতেই তামাকাসক্তিৰ আৰম্ভণি হয়। সেইবাবে শিক্ষানুষ্ঠানৰ ওচৰত তামাকৰ সহজলভ্যতা ভবিষ্যতৰ এক ডাঙৰ সামাজিক আৰু স্বাস্থ্যজনিত সংকটৰ সূচক।
গুৱাহাটীৰ এজন জ্যেষ্ঠ কেঞ্চাৰ বিশেষজ্ঞ ডাঃ যদুনাথ বৰুৱাগোঁহাইয়ে কয়, “কৈশোৰত ধপাত ব্যৱহাৰৰ অভ্যাস গঢ় লৈ উঠিলে পিছলৈ বহু ক্ষেত্ৰত ড্ৰাগছ আসক্তিৰ দিশেও আগবাঢ়ে। উত্তৰ-পূৰ্বাঞ্চলত তামাক ব্যৱহাৰৰ হাৰ দেশৰ অন্যান্য অংশতকৈ অধিক।”
উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত মিজোৰামত তামাক ব্যৱহাৰৰ হাৰ সৰ্বাধিক ৫৭.৯ শতাংশ। ইয়াৰ পিছতে আছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মেঘালয়। অসমো দেশৰ অন্যতম অধিক তামাক ব্যৱহাৰকাৰী ৰাজ্য হিচাপে চিহ্নিত হৈছে।
দায়িত্ব কাৰ? স্পষ্ট নহয় কোনো বিভাগৰ স্থিতি
এই আইন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰী বিভাগসমূহৰ মাজত স্পষ্ট সমন্বয়ৰ অভাৱ দেখা গৈছে। গুৱাহাটী পৌৰ নিগম (GMC)-ৰ বিষয়াসকলে কয় যে বিষয়টো স্বাস্থ্য বিভাগ বা খাদ্য সুৰক্ষা বিভাগৰ অধীনত পৰে। আনহাতে GMC-ৰ আন এজন কৰ্মচাৰীয়ে ইয়াক সম্পূৰ্ণৰূপে আৰক্ষীৰ বিষয় বুলি দাবী কৰে।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগতো একেই বিভ্ৰান্তিকৰ ছবি। এজন বিষয়াই কয় যে পূৰ্বতে আৰক্ষী আৰু GMC-ৰ সৈতে সমন্বয় কৰি অভিযান চলোৱা হৈছিল, কিন্তু পিছত স্থানীয় থানাসমূহক এই দায়িত্ব দিয়া হয়। আন এজন বিষয়াই পুনৰ এনে কোনো নিৰ্দেশনাৰ বিষয়ে অৱগত নহয় বুলি জানিবলৈ দিয়ে।
অৰ্থাৎ, কোনোবাই ইয়াক আৰক্ষীৰ দায়িত্ব বুলি কৈছে, কোনোবাই স্বাস্থ্য বিভাগৰ, আন কোনোবাই GMC-ৰ। ফলত বাস্তৱ ক্ষেত্ৰত কোনো বিভাগেই পূৰ্ণ দায়িত্ব গ্ৰহণ কৰা দেখা নাযায়।
বিপদৰ সন্মুখত নতুন প্ৰজন্ম
Deepshika Cancer Care Foundation-ৰ সন্মানীয় ন্যাসী আৰু সচিব ডাঃ মৃন্ময়ী বৰুৱাই কয় যে শিক্ষানুষ্ঠানৰ অধ্যক্ষ, শিক্ষক আৰু প্ৰশাসনে এই ক্ষেত্ৰত অধিক সক্ৰিয় ভূমিকা লোৱা উচিত।
তেওঁ কয়, “শিক্ষানুষ্ঠানৰ ওচৰত তামাক বিক্ৰী ৰোধ কৰিবলৈ শিক্ষক আৰু অধ্যক্ষসকলে তৎপৰ হ’ব লাগিব। আইন প্ৰয়োগকাৰী সংস্থাই সকলো ঠাইৰ খবৰ নাপাবও পাৰে, কিন্তু শিক্ষানুষ্ঠানসমূহে নিজেই এনে অবৈধ কাৰ্যকলাপৰ তথ্য জনোৱা উচিত।”
বিশেষজ্ঞসকলৰ মতে, বিভিন্ন বিভাগৰ মাজত সমন্বয় স্থাপন কৰি নিয়মীয়া অভিযান, কঠোৰ আইন প্ৰয়োগ আৰু ব্যাপক সজাগতা অভিযান নচলালে গুৱাহাটীৰ শিক্ষানুষ্ঠানসমূহৰ কাষত COTPA আইন কেৱল নামেমাত্ৰ আইন হৈয়েই থাকিব।
Post a Comment