মুখ্যমন্ত্ৰীৰ পত্নীক লৈ কৰা অভিযোগঃ পৱন খেৰাক পুনৰ ২৫ মে’ত হাজিৰাৰ চমন
আজিৰ কণ্ঠ, গুৱাহাটি ,১৫ মে :
গুৱাহাটীত অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত হাজিৰা দি পুনৰ ২৫ মে’ত উপস্থিত থাকিবলৈ চমন লাভ কৰিছে কংগ্ৰেছ নেতা পবন খেৰাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ পত্নী ৰিনিকী ভূঞা শৰ্মাক লৈ কৰা অভিযোগৰ সন্দৰ্ভত চলি থকা তদন্তৰ অংশ হিচাপে এই চমন জাৰি কৰা হৈছে। বৃহস্পতিবাৰে ক্ৰাইম ব্ৰাঞ্চ কাৰ্যালয়ৰ পৰা ওলাই অহাৰ পিছত খেৰাই সংবাদ মাধ্যমক জনায় যে তদন্ত অব্যাহত আছে আৰু আৰক্ষীয়ে সোধা সকলো প্ৰশ্নৰ উত্তৰ তেওঁ দি আছে। তেওঁ কয়, “মই এজন দায়িত্বশীল নাগৰিক হিচাপে তদন্তত পূৰ্ণ সহযোগিতা আগবঢ়াই আছো। মোক পুনৰ ২৫ মে’ত উপস্থিত থাকিবলৈ কোৱা হৈছে আৰু মই উপস্থিত থাকিম।”
উল্লেখ্য যে, বুধবাৰে প্ৰায় ১০ ঘণ্টাৰো অধিক সময় ধৰি ক্ৰাইম ব্ৰাঞ্চে খেৰাক জেৰা কৰিছিল আৰু বৃহস্পতিবাৰেও পুনৰ সোধ-পোছ চলায়।
ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে কেন্দ্ৰীয় চৰকাৰে লিখিতভাৱে জনাইছে যে খেৰাই প্ৰদৰ্শন কৰা নথিপত্ৰসমূহ “ভুৱা”। তেওঁ লগতে কয় যে আৰক্ষীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত অভিযোগপত্ৰ দাখিল কৰিব পাৰিব।
ৰিণিকি ভূঞা শৰ্মাই গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চ থানাত পৱন খেৰা আৰু আন কেইবাজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰিছে। অভিযোগসমূহৰ ভিতৰত আছে — নিৰ্বাচনৰ সৈতে জড়িত ভুৱা তথ্য প্ৰদান, প্ৰতাৰণা, জালিয়াতি, জাল নথি ব্যৱহাৰ, শান্তিভংগৰ উদ্দেশ্যে অপমান আৰু মানহানিৰ অভিযোগ।ইয়াৰ পূৰ্বে অসম আৰক্ষীয়ে দিল্লীত খেৰাৰ বাসগৃহলৈ গৈছিল যদিও তেওঁ তেতিয়া উপস্থিত নাছিল। খেৰাই প্ৰথমে তেলেংগানা উচ্চ ন্যায়ালয়ৰ পৰা সাত দিনীয়া ট্ৰানজিট অগ্ৰিম জামিন লাভ কৰিছিল। পিছত এই আদেশক চেলেঞ্জ কৰি অসম আৰক্ষীয়ে Supreme Court of India-ত আবেদন জনায়।পাছত উচ্চতম ন্যায়ালয়ে ট্ৰানজিট জামিন স্থগিত ৰাখি খেৰাক Gauhati High Court-ৰ কাষ চাপিবলৈ নিৰ্দেশ দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ অগ্ৰিম জামিন আবেদন খাৰিজ কৰাৰ পিছত তেওঁ পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। শেষত উচ্চতম ন্যায়ালয়ে তেওঁক অগ্ৰিম জামিন প্ৰদান কৰি মন্তব্য কৰে যে ঘটনাটো “ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাৰ ফল” যেন লাগে।ইফালে, গুৱাহাটীৰ এখন স্থানীয় আদালতে পূৰ্বে অসম আৰক্ষীৰ অনাবিলম্বে গ্ৰেপ্তাৰী পৰোৱানা (NBW) জাৰি কৰাৰ আবেদনো খাৰিজ কৰিছিল।
Post a Comment