কমাৰগাঁৱৰ বৰদিহিঙীয়াত বহাগৰ আগমনত অন্তৰংগ অনুষ্ঠান:


বৰদিহিঙীয়াত বহাগৰ আগমনত অন্তৰংগ অনুষ্ঠান
লোকদা হাজৰিকাৰ গ্ৰন্থ উন্মোচন, সমাজসেৱক ধৰ্মেশ্বৰ হাজৰিকাক ৰাজহুৱা সম্বৰ্ধনা

 প্ৰতিবেদক,কমাৰগাঁও, ৩ এপ্ৰিলঃ
বহাগৰ আগমনৰ মনোমোহা পৰিৱেশৰ মাজতে গোলাঘাট জিলাৰ কমাৰগাঁওৰ বৰদিহিঙীয়াত এটি অন্তৰংগ সাংস্কৃতিক আৰু সাহিত্যিক অনুষ্ঠান সাফল্যৰে অনুষ্ঠিত হয়। অনুষ্ঠানটোত এগৰাকী জ্যেষ্ঠ শিক্ষাবিদ আৰু সমাজকৰ্মীক ৰাজহুৱা সম্বৰ্ধনা জনোৱাৰ লগতে এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন কৰা হয়।

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় পুথিভঁৰালৰ সভাপতি, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী ধৰ্মেশ্বৰ হাজৰিকাক তেওঁৰ ৮১ বছৰীয়া জন্মদিন উপলক্ষে বিশেষভাৱে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। কমাৰগাঁওৰ বৰদিহিঙীয়াত অৱস্থিত তেওঁৰ নিজ বাসগৃহত অনুষ্ঠিত অনুষ্ঠানটোত কমাৰগাঁও আঞ্চলিক সাহিত্য সভাৰ সম্পাদক ৰিন্টু দুৱৰাই আঁতধৰে, আনহাতে অনুষ্ঠানটো সঞ্চালনা কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ইন্দ্ৰেশ্বৰ বৰুৱাই। অনুষ্ঠানত স্থানীয় ৰাইজৰ লগতে বহুতো বিশিষ্ট ব্যক্তিৰ উপস্থিতিয়ে পৰিৱেশটো সজীৱ কৰি তোলে। এই উপলক্ষে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী লোকদা হাজৰিকাৰ ৰচিত ‘গুৰু চৰিত্ৰৰ ভকত আৰু আইসকলৰ ৰসাল কথা’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি বন্তি বৰাই গ্ৰন্থখন উন্মোচন কৰি লেখিকা লোকদা হাজৰিকাৰ সাহিত্য সাধনাৰ প্ৰশংসা কৰে।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদক দুলাল বৰা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি গৱেষণা পৰিষদৰ সভাপতি পবিত্ৰ প্ৰাণ বৰা, কমাৰগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ শোভন শইকীয়া, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বীৰেন গগৈ আৰু কমাৰগাঁও আঞ্চলিক সাহিত্য সভাৰ সভাপতি পূৰ্ণ বৰুৱা। তেওঁলোকে নিজৰ ভাষণত ধৰ্মেশ্বৰ হাজৰিকাৰ শিক্ষাক্ষেত্ৰ আৰু সমাজসেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ উচ্চ প্ৰশংসা কৰে।

সভাত নিজৰ বক্তব্যত ধৰ্মেশ্বৰ হাজৰিকাই তেওঁৰ দীৰ্ঘ ৮১ বছৰীয়া জীৱনৰ অভিজ্ঞতা বৰ্ণনা কৰি নতুন প্ৰজন্মক নৈতিকতা, মূল্যবোধ আৰু শৃংখলাৰ পথত আগবাঢ়িবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, এনে অনুষ্ঠানসমূহে অঞ্চলটোত সুস্থ সাংস্কৃতিক আৰু সাহিত্যিক পৰিৱেশ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি উপস্থিত ৰাইজে মত প্ৰকাশ কৰে।

Post a Comment

Previous Post Next Post