ব'হাগ বিহু আৰু নিৰ্বাচনৰ প্ৰাকমূৰ্হতত ৰাজ্যত সাতখন টোলগেটত মাচুল বৃদ্ধি

ব'হাগ বিহু আৰু নিৰ্বাচনৰ প্ৰাকমূৰ্হতত ৰাজ্যত সাতখন টোলগেটত মাচুল বৃদ্ধি : 

মূল্যবৃদ্ধিৰ জুইত জুৰুলা সাধাৰণ ৰাইজ

আমাৰ প্ৰতিবেদক,দেৰগাঁও, ২ এপ্ৰিল:

বিধানসভা নিৰ্বাচনৰ গৰম ৰাজনৈতিক পৰিৱেশৰ মাজতে ৰাজ্যত পুনৰ বৃদ্ধি পালে টোলগেটৰ মাচুল। ৰাজ্যৰ সাতখন টোলগেটত একেলগে মাচুল বৃদ্ধি হোৱাত সাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে যাতায়াত ভাড়া পাঁচ টকাৰ পৰা ৩৫ টকালৈ বৃদ্ধি পোৱাত জনসাধাৰণৰ ওপৰত অধিক আৰ্থিক বোজা পৰিছে। ৰাজ্যৰ বিভিন্ন গুৰুত্বপূর্ণ টোলগেটসমূহ যেনে নগাঁওৰ মদনপুৰ টোলগেট, কামৰূপ জিলাৰ নাগিজানঘাট টোলগেট,  চুলুঙ টোলগেট, গোলাঘাট জিলাৰ ৰঙামাটি টোলগেট, ডবকা  টোলগেট আদি স্থানত এই বৃদ্ধি কাৰ্যকৰী কৰা হৈছে। এই সিদ্ধান্তৰ ফলত নগৰ আৰু গ্ৰাম্য দুয়োটা অঞ্চলতে যাত্ৰীসকল বিশেষকৈ ব্যাপক ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে । ইফালে ব'হাগ বিহু আৰু নিৰ্বাচনৰ প্ৰাকমূৰ্হতত টোল কৰ বৃদ্ধি পোৱা গোলাঘাট জিলাৰ দেৰগাঁও, বাদুলিপাৰ, ৰঙামাটি,বনগাঁও আদি অঞ্চল সমূহৰ ৰাইজে তীব্ৰ বিৰোধীতা কৰিছে । ইফালে ৰঙামাটি টোলগেট খন নিৰ্মাণৰ সময়ৰ পৰাই স্থানীয় ৰাইজে লগতে দল সংগঠনে বিৰোধ কৰি আহিছিল। সৰ্বসাধাৰণ ৰাইজ, কৃষক, দৈনিক বিদ্যালয়ৰ মহাবিদ্যালয়লৈ অহা যোৱা কৰা কৰ্মচাৰী সকল এতিয়া বিমোৰত পৰিছে।

বিশেষকৈ ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল লোক আৰু দৈনিক যাত্ৰীসকল এতিয়া অধিক খৰচ বহন কৰিবলগীয়া হৈছে। বহু শিক্ষাৰ্থীয়ে অভিযোগ কৰিছে যে, প্ৰতিদিনে বিদ্যালয় বা মহাবিদ্যালয়লৈ যাতায়াত কৰিবলৈ অতিৰিক্ত ধন ব্যয় কৰিবলগীয়া হোৱাত তেওঁলোক আৰ্থিক সংকটৰ সন্মুখীন হৈছে।

ইফালে, টোলগেটসমূহত মাচুল বৃদ্ধি হোৱাৰ পাছতো পথ-ব্যৱস্থাৰ উন্নতি নোহোৱাৰ অভিযোগো উত্থাপন হৈছে। বিশেষকৈ ডিমৌ অঞ্চলত নলা-নর্দমা ব্যৱস্থা উন্নত নোহোৱাত বৰষুণৰ সময়ত পথত পানী জমা হৈ যাতায়াতত গুৰুতৰ ব্যাঘাত সৃষ্টি কৰে। ৰাইজে অভিযোগ কৰিছে যে, টোলগেটৰ পৰা সংগ্ৰহ কৰা ৰাজহ সঠিকভাৱে পথ উন্নয়নত ব্যৱহাৰ হোৱা নাই। এই প্ৰসংগত বিভিন্ন স্থানীয় দল-সংগঠন আৰু সচেতন নাগৰিকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মাচুল বৃদ্ধি তৎক্ষণাৎ প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে।

এই সমস্যা সমাধান নকৰিলে আগন্তুক দিনত অধিক তীব্ৰ গণআন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে সচেতন ৰাইজে।

Post a Comment

Previous Post Next Post